Posts

Showing posts from April, 2017

ৰঙালী বিহুৰ ৰস ৰচনা

( ৰস ৰচনা) ৰঙালী বিহুৰ ৰচনা খন নতুন প্ৰজন্মই কেনেদৰে লিখিব??  - বিনয় কৃষ্ণ তামুলী ফুকন ৷  প্ৰতিবছৰৰ পাপাৰ  মাৰ্চ ইন্দিংৰ পাচত এপ্ৰিলৰ ফাৰ্চটত এই বিহু চেলিব্ৰেচন কৰা হ'য় ৷  মাৰ্চৰ লাষ্ট উইক মানৰ পৰা বহুত বহুত টেম্পৰেৰি ষ্টল ওপেন কৰে ৷ তাত ৰেষ্টুৰেন্ট আৰু ফাষ্টফুডৰ কাউন্টাৰ বিলাকত নোপোৱা চিৰা, পিঠা,  দৈ, গুৰ,  কোমল চাউল আদি পোৱা যায় ৷ গামোচা,বিহুৰ মিউজিকেল ইনচট্ৰুমেন্ট  গগনা, সুতুলী, কাকৈ, এটচেট্ৰা পোৱা এক্সট্ৰা কাউন্টাৰো থাকে ৷ মাম্মা- পাপাই সেইবোৰ কিনি আনি ফ্ৰিজত ভৰাই থয় ৷ আমি সেইবোৰ নাখাওঁ ৷ চেণ্ডুইচ, চিকেন ৰ'ল, মম , পিজ্জা খাই আমি ভাল পাওঁ ৷ বিহুৰ বাবে কিনাবোৰ অালহিক দিয়ে ৷ আমাৰ বাবে এক্সট্ৰাকৈ এই বোৰ আনে ৷ বিহু আহিলে আমাৰ ভাল লাগে ৷ পাপা - মাই আমাক নতুন কাপোৰ দিয়াৰ উপৰি গ্ৰেণ্ডপা, গ্ৰেণ্ডমা, আকংল হঁতেও আমাক বহুত গিফ দিয়ে ৷ গ্ৰণ্ডমাই আকৌ টি চাৰ্ট-জিন্স দিলেও গামোচা এখনো দিয়ে ৷ পাচত দেউতাই সেইখনেৰে গাড়ী চাফা কৰে ৷  গাঁৱত গলে আমি কাউ বিহুও দেখিব পাওঁ ৷ কাউবিহুত গ্ৰেণ্ডপাৰ হাউচ কিপাৰ জনে মটৰৰ পানী মাৰি জাৰ্জি গৰু কেইজনী গা ধুৱায় ৷ গ্ৰেণ্ডমাই "তাৰমাৰিক" আৰু ম