ৰঙালী বিহুৰ ৰস ৰচনা

( ৰস ৰচনা)

ৰঙালী বিহুৰ ৰচনা খন নতুন প্ৰজন্মই কেনেদৰে লিখিব??


 - বিনয় কৃষ্ণ তামুলী ফুকন ৷ 

প্ৰতিবছৰৰ পাপাৰ  মাৰ্চ ইন্দিংৰ পাচত এপ্ৰিলৰ ফাৰ্চটত এই বিহু চেলিব্ৰেচন কৰা হ'য় ৷ 
মাৰ্চৰ লাষ্ট উইক মানৰ পৰা বহুত বহুত টেম্পৰেৰি ষ্টল ওপেন কৰে ৷ তাত ৰেষ্টুৰেন্ট আৰু ফাষ্টফুডৰ কাউন্টাৰ বিলাকত নোপোৱা চিৰা, পিঠা,  দৈ, গুৰ,  কোমল চাউল আদি পোৱা যায় ৷ গামোচা,বিহুৰ মিউজিকেল ইনচট্ৰুমেন্ট  গগনা, সুতুলী, কাকৈ, এটচেট্ৰা পোৱা এক্সট্ৰা কাউন্টাৰো থাকে ৷ মাম্মা- পাপাই সেইবোৰ কিনি আনি ফ্ৰিজত ভৰাই থয় ৷ আমি সেইবোৰ নাখাওঁ ৷ চেণ্ডুইচ, চিকেন ৰ'ল, মম , পিজ্জা খাই আমি ভাল পাওঁ ৷ বিহুৰ বাবে কিনাবোৰ অালহিক দিয়ে ৷ আমাৰ বাবে এক্সট্ৰাকৈ এই বোৰ আনে ৷ বিহু আহিলে আমাৰ ভাল লাগে ৷ পাপা - মাই আমাক নতুন কাপোৰ দিয়াৰ উপৰি গ্ৰেণ্ডপা, গ্ৰেণ্ডমা, আকংল হঁতেও আমাক বহুত গিফ দিয়ে ৷ গ্ৰণ্ডমাই আকৌ টি চাৰ্ট-জিন্স দিলেও গামোচা এখনো দিয়ে ৷ পাচত দেউতাই সেইখনেৰে গাড়ী চাফা কৰে ৷ 
গাঁৱত গলে আমি কাউ বিহুও দেখিব পাওঁ ৷
কাউবিহুত গ্ৰেণ্ডপাৰ হাউচ কিপাৰ জনে মটৰৰ পানী মাৰি জাৰ্জি গৰু কেইজনী গা ধুৱায় ৷
গ্ৰেণ্ডমাই "তাৰমাৰিক" আৰু মাটিকালাইৰ পেষ্ট বনাই গৰুৰ বিউটিৰ বাবে হাউচ কিপাৰটোক সানিব দিয়ে ৷ চিঃ পেষ্টটোৰ যে কালাৰ বিৰাট ঘৃণ লগা ৷ 
অ' চৰি এটা কথা পাহৰি গৈছো টাউনৰ ঘৰত পাপাই গাঁৱৰ পৰা হায়াৰ কৰি বিহু পাৰ্টি মাতে ৷ বিৰাট জমে ৷ তামাম ডেঞ্চ মাৰে বইজ-গাৰ্লচ 
একে লগে ৷ বিহুত বজোৱা ড্ৰামটোক ঢোল বোলে বুলি কয় ৷ 
কিছুমান বিহু পাৰ্টি নমতাকৈ আহে ৷ সিহঁতে হিউজ এমাউন্টৰ দনেচন কালেক্ট কৰে ৷ 
বিহুৰ দিনত যে পাপাৰ গাড়ীত গাঁৱলৈ গলে বিৰাট বৰিং হওঁ ৷ ৰোডৰ মাজতে বেঞ্চ লৈ বহি কিছুমানে কালেকচন কৰে ৷ কিছুমানে গামোচাত ৰচী লাগাই টানি কিনে পইচা ভিক্ষ মাঙে ৷ নিদিলে বিৰাট জেং কৰে ৷ গাড়ী ৰখাই ৰখাই ব'ৰ কৰি দিয়ে ভাই ৷ সেই কাৰণে এই বিহুটোক ভীক্ষমাংগা বিহু বুলি কব মন যায় ৷
এপ্ৰিলৰ ফাষ্ট উইকৰ পৰা বিহু ফাংচন চালু হয় ৷ জুন মাহলৈকে এনেকা ফাংচন দেখিব পাৰি ৷ পাপাই কৈছে বেঞ্চ আৰু গামোচা টনা পাৰ্টি সবেই এই বিহু ফাংচন পাতে ৷ বিহু ফাংচনৰ ফাষ্টৰ দিনা ইমান নজমে ৷ কেৱল চিংগল কম্পিটিচন কৰা বিহু ডাঞ্চাৰ, পেঁপা, ড্ৰাম বজোৱা আৰ্টিষ্ট আৰু কম্পিটেটৰৰ গাৰ্জেন সবে জাজ ৰ পিচত তেল মাৰি থাকে ৷ প্ৰাইজৰ কাৰণে ৷ বিহু ফাংচনৰ লাষ্ট নাইট কিন্তু তামাম জমে ৷ ফেমাচ ফেমাচ আৰ্টিষ্ট আহে ৷ হিন্দী, ইংলিচ গান বিলাক গায় ৷ কিছুমান মোক ফেভৰিট ৷ বিহু গালে যে বিৰাট বৰিং লাগে ৷ মোৰ দাদাই যে এনেকা ফাংচন গলে দেউতাৰ পৰা পইচা লৈ মালৰ বটল লৈ যায় সেইতো মই দেউতাক কোৱা নাই ৷ সিহঁতৰ লগৰ বোৰে মাল খাই ফিটিং হৈ তামাম মষ্টি কৰে ৷ কেতিয়াবা হাংগামা হৈ যায় ৷ মুঠতে বিহু ফাংচন লেটেষ্ট জমে ৷ 
কিছুমান ফাংচনত বোলে আৰ্টিষ্ট পেমেন নকৰাকৈ ফাংচন পতা পাৰ্টি পলাই দিয়ে ৷ সেই কাৰণে প্ৰি-পেইড নকৰিলে আজিকালি আৰ্টিষ্টে প্ৰগ্ৰেম নকৰে ৷
পাপাই কোৱা মতে এই আৰ্টিষ্ট সবক দিব কাৰণে বিহু কমিটিয়ে বহুত টকা উঠায় ৷ কিছুমান চেক্ৰেটেৰি, প্ৰেচিডেন্টে পুৰা বছৰটোৰ কাৰণে কামাই লয় ৷ বিহু পতা পাৰ্টিৰ বিৰাট প্ৰফিট ৷ মালটো ফকটত খাব পায়েই ৷ টকাও বহুত মাৰে ৷ কোনো অডিট দিব নালাগে ৷ গতিকে মই ডাঙৰ হ'লে বিহু কমিটিৰ চেক্ৰেটাৰী হ'ম বুলি ভাবিছো ৷

( আগলৈ)


ৰঙালী বিহু ( দ্বিতীয় খণ্ড)


ৰঙালী বিহু এটা ফেচটিভেল ৷ ই মেইনলি আচামত চেলিব্ৰেত কৰা হয় যদিও আজিকালি আচামত কৈ টিভিত হে এই বিহু বেচি জমে ৷ 

এপ্ৰিলৰ চেকেণ্ড উইকমানৰ পৰা এই বিহু ষ্টাৰ্ট হ'ব লাগে যদিও টিভি বিলাকত হ'ল্ড ইয়েৰ এই বিহু চলি থাকে বুলি ক'ব পৰা যায় ৷ ফাষ্টতে এই বিহু কাল্টিভেচনৰ লগত ৰিলেতেড আছিল যদিও 
আদিকালি ই টিভি কেমেৰা ৰিলেটেড বনি গৈছে ৷ এপ্ৰিলত হ'ব লগা বিহুটো টিভি বিলাকে ফেব্ৰুৱাৰী মানৰ পৰাই ষ্টাৰ্ট কৰি দিয়ে ৷
বিহু ৰাণী, সম্ৰাজ্ঞী নামৰ ভেৰাইটিজ কম্পিটিচন বিলাক ফেব্ৰুৱাৰী মাহত ৰিনিউ কৰা হ'য় আৰু মিড ইয়েকলৈকে চলি থাকে ৷ পাপা হঁতৰ দিনত 
কুলি বাৰ্ডে কান্দিলে,  ট্ৰি বিলাত নিউ লিফ ওলালে ৰঙালী বিহু আহা বুলি জানিছিল ৷
আমাৰ টাউনত ফৰেষ্ট নথকা বাবে আমি টিভি দেখি কিনে বিহু আহিল বুলি গম পাওঁ ৷ বিহু আহিলে আমাৰ মম্মী, চিচটাৰ হঁতে টিভিত ওলাব কাৰণে বিহু ষ্টলৰ পৰা পিঠা, গামোচা কিনি কিনে কেমেৰাৰ আগত বহুত এক্টিং কৰে ৷ টিভি চাই কিনে আমি বিহু শিকিব পাওঁ ৷ জি টি ভি সাৰেগামা নিচিনা বিহু ডান্স কম্পিটিচন বিলাক টিভিত চাই ভাল লাগে যদিও কুৱেচন ৰাওনটো বৰিং ৷ আমি এই বিলাক চাবলৈ সিমান ভাল নাপাওঁ বাবে ডব্লিও, ডব্লিও,  এক্সন টিভি চাই থাকো ৷ এপ্ৰিল মাহত যে আচামিচ চেনেল কেইটাই চাৰা ৰাত বিহু লাইভ দেখাই ৷ বহুত জাগাত জুন মাহলৈকে বিহু ফাংচন চলি থকা টিভিত দেখিব পাওঁ ৷
ক'ব গলে পাপাহঁতে কলেও এই বিহু কাল্টিভেচন ৰিলেটেড বুলি মানিবলৈ টান লাগে ৷ পাপাই কোৱা মতে চৰকাৰে তিনিটকীয়া চাউল দিয়াৰ পৰা আচামিচ মানুহে পেডিফিল্ডত যাব মন নকৰা হ'ল ৷ য়ুথ বিলাক 
কেৰেলা, মহাৰাষ্ট্ৰ, গুজৰাট পিনে ইনকাম কৰিব কাৰণে গুচি গৈছে ৷ চ' আচামত কাল্টিভেচন কমি যোৱাৰ বাবে বিহুটো টিভিত বাচি আছে ৷
তিনিটকীয়া ৰাইচ খাই আচামিচ মানুহে টিভিত বিহু চাই কিনে বহি যায় ৷
(- এই খিনি পাপাই কোৱা)
বিঃদ্ৰঃ পাপাই ফেচবুক কৰি আছে ৷ বেচি কুৱেচন কৰিলে এংৰি হ'ব ৷ চ' পিছত লিখিম ৷


(আগলৈ)

( ভাষাৰ ক্ষেত্ৰত দায় মৰিষণ কৰিব ৷ ইংৰাজী মাধ্যমত পঢ়া নতুন চামে ব্যৱহাৰ কৰা ভাষাটোত লিখিবলৈ যত্ন কৰা হৈছে ৷)


Comments

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)