আউসীত জোনাক বিচৰা ছোৱালী জনীঃ

ফেচবুকৰ ৱাল
মেচেঞ্জাৰ
ৱাটচএপ
সকলোবোৰ খেপিয়াই খেপিয়াই তাই
অফ লাইন হৈ যায়
চকুমুদি অনুভৱ কৰে বিষন্ন কাজল বোৰ যেন
বিয়পি পৰিছে তাইৰ গালে মুখে ৷

কাজল সনা দুচকুত তাইৰ কলিয়া মেঘৰ বিষন্নতা
কাজলবোৰ বিয়পি পৰি
কজলুৱা হয় তাইৰ উচাহ ৷


 কাণ উনাই
তাই নুশুনে আজিকালি
চিনাকি হৰ্ণৰ মাত ৷
ৰি ৰি কৈ বাজি থাকে
জিলিৰ উদাস মাতৰ দৰে
তেজৰ তলত নিতাল মাৰি শুই থকা
উদাসী বাঁহীৰ মাত ৷

জোনাক বলিয়া ছোৱালী জনীয়ে
আজিকালি
ভালপায় এন্ধাৰক
চকুমুদিলেই দেখে
হেৰুৱা জোনাক
সপোনতে শুনে
চিনাকি বাঁহীৰ মাত
চকুমেলিলেই
ওলমি ৰয় শূণ্যতা
তাইৰ কজলুৱা চকুৰ বানে
লুণীয়া সোৱাদ আনে জিভাত ৷

তাই আন্ধাৰৰ স'তে
কথা পাতে সংগোপনে
আউসীৰ ৰাতি বিচাৰি ফুৰে হেৰুৱা জোনাক
জানোচা ক'লা ডাৱৰ ফালি নামি আহে
অভিমানী জোনৰ
জোনাক এধানি
যি হেৰাল কাহানিবাই
অবিশ্বাসৰ অৰণ্যখনৰ সিপাৰে
জানোচা শুনে তাৰ
"তোক ভাল পাওঁ" বোলা সেই চিনাকি মাত ৷

আউসীৰ ৰাতি জোনাক বিচৰা ছোৱালী জনী
শুই পৰে নিতাল মাৰি
তাইৰ বাউল চুলিত
ক'ৰ পৰা জানো
উৰি আহি পৰে
ধিমিক ধামাক
জোনাকীৰ জাক ৷

Comments

Post a Comment

Popular posts from this blog

মই সোৱণশিৰিয়ে কৈছোঁ

Udar Axomiya ( উদাৰ অসমীয়া)