Posts

Showing posts with the label কবিতা

ৰাতিবোৰ হাতী হয়

Image
ৰাতিবোৰ হাতী হয়। বেলিটো পাহাৰটোৰ সিপাৰে লুকালেই বাঢ়ি আহে উৎকন্ঠা। বেলিৰো যে কত বিশেষণ - দোকমোকালিৰ বেলি, দুপৰৰ বেলি, ৰান্ধনী বেলি.. ৰান্ধিবলৈ মোৰ আখলত খুদকণ এটিও নাই খেনোৰ উভৈনদী সম্পদে অহংকাৰৰ নদী ওফোন্দায়। শিতানে পথানে মাথোঁ ছহাট মাটি কাক কোনে বুজায়?  উশাহৰ শেষ পঞ্চভূতী দেহৰ অৱশেষ  কোনে বা বুজি পায়।  কথাবোৰ ভাবি ৰাতিটো  হাতী যেন হয়।  দূৰ্ভাৱনাৰ বলিষ্ঠ চাপৰ খোজে  মোৰ বুকুখন চেঁপি ৰয়।  কাতৰ উশাহ এটাৰে প্ৰাৰ্থনা কৰোঁ -  ৰাতিবোৰ হাতী নহওক  মনবোৰ উদাৰ হওক  জাতি ধৰ্ম বৰ্ণৰ পৰিয়চয় বোৰ তেহেলৈ যাওক।  মানুহবোৰ কেৱল মানুহ হওক ।

ইয়াত এখন নদী আছিল।।

Image
ঈগলৰ পোৱালীৰ দৰে যোজন উচ্চতাৰ পৰা এৰিদি উৰণ শিকোৱা নাছিল আমাক থাকিলেও এখন নীল আকাশ মূৰৰ ওপৰত। আমি ৰঙানৈত চিলনী সাঁতুৰ শিকি সোৱণশিৰিত ভটিয়নি নাও মেলিছিলোঁ। নৈ খন পাৰলৈ উঠি আহি বিদ্যুত পৰিবাহী গম্বুজ হ'ল। শিহু, সোণালী পিঠিয়া, বোকা পিঠিয়াৰ জলকেলি সাধুকথাত পৰিণত হ'ল। প্ৰতিবাদবোৰ প্ৰতাৰণাৰ দলিল হ'ল। লাহে লাহে নদী খনৰ মৃত্যু হ'ল। আজিকালি আমি সাধু কথা লিখোঁ - ইয়াত এখন নদী আছিল পাৰত পানৈ-জংকিৰ ইতিহাসৰ আছিল ইয়াত এখন সোণ গুৰি সিঁচা নদী আছিল ইয়াত এখন নদী আছিল  ইয়াত এখন নদী আছিল।  নতুবা আঁওৰাও  "অই আপ্পুন গণেশ পেগু" ৰ গীত  "সোৱনশিৰি সোণৰ নদী যুগে যুগে বৈ যায়... *

দেউতালৈ

Image
দেউতা... কিয় পলসুৱা কৰি গঢ়িলি মোৰ বুকু? কিয় দৃষ্টি দিলি আকাশমুখী কিয় দেউতা কিয়? খচকি চহাই-মৈয়াই ফালি স্বাৰ্থৰ নাঙলৰে চাহিদাৰ ভৰাল পুৰ সিহঁতৰ মই নিৰ্জীৱ অথচ মৰা শ নহয় উৰ্বৰ শস্য সম্ভৱ। আকাশমুখী দৃষ্টি মোৰ তললৈও চাব নোৱাৰো। উৰিবও নোৱাৰো মেঘ হৈ মাথো স্থানু। জীৱনৰ হাট প্ৰসাৰিত হাত কোঁচাব নাজানো মেলিলেই হাত সূৰ্যই দহে বুকুৰ মঙহ খহে নুবুজিলো কোনটো আওবাট কোন বাটে ঘাট। দেউতা... মই মই হ'ব নাজানিলো।

সুৰ ভাল সুৰা ভাল

Image
"য়ে ইন্টেজাৰ গলত হে কি চাম হ' যায়ে.." অজুহাত যেতিয়া পায়েই গ'লা সন্ধিয়ালৈ কিয় ৰ'বা এতিয়াওতো পিব পাৰি ফটিকা মাতাল হ'ব পাৰি ডুৱ যাব পাৰি নষ্টালজিয়াত। "আজ কাল ইটনি ভি নেহী মিলটি মেহখানে মে যিটনি হাম চ'ৰ দি থি পেমানে মে..." অৱশিষ্টকে পান কৰোঁ আহা জীৱন মদিৰা ভীৰ কৰক স্মৃতিয়ে কাতৰ কলিজা নিচা কাৰোবাৰ বাবে প্ৰেয়সীৰ চকুপানী কাৰোবাৰ বাবে আলিংগনৰ আৱাহনি নিচা প্ৰিয়াৰ কাজলত নিচা বিষাদী গজলত। সন্ধিয়া আহিবই নামি জীৱনৰ দেৰী কিয় সখা অজুহাত যেতিয়া পায়েই গ'লা উদযাপনৰ। গান ভাল সুৰ ভাল সুৰা ভাল মলমৰ দৰে পূৰাই আনে ঘাঁ কলিজাৰ।

মৰণোত্তৰ ঠিকনা (কবিতা)

Image
সময়ৰ সৌ ডাক বাকচটো দেখিছা? কোনে দিয়ে কাৰ ঠিকনাত চিঠি? মাকে পুত্ৰলৈ। পুত্ৰই প্ৰেয়সীলৈ ল'ৰাটোৱে দেউতাকলৈ... ৰুগীয়া বৃদ্ধ মানুহবোৰেও লিখে চিঠি - ঈশ্বৰলৈ। থাকেনে ঈশ্বৰৰ ঠিকনা? ফোঁট লয় নে টুপি পিন্ধে ঈশ্বৰে নে ক্ৰচবৃদ্ধ হৈ ওলমি ৰয় তামৰঙী আকাশৰ তলত?  ঈশ্বৰ বাৰু জীৱিত নে মৃত? আউট ডেটেদ ঈশ্বৰৰ নাই এটা স্মাৰট ফোন, ৱাটচএপ, মেচেঞ্জাৰ, ই - ঠিকনা । গতিকে চিঠিকে লিখিবা। (মৃত মানুহ হেনো ঈশ্বৰৰ ঘৰত থাকে) মোলৈ এখন চিঠি লিখিবা সমষ্ট ঘৃণা আৰু আৱেগ ঢালি মোৰ নিকৃষ্টতাৰ প্ৰমাণ পত্ৰ যেন। মৃতকৰো থাকে ডাক ঠিকনা? দি দিবা সৌ সময়ৰ ডাক বাকচত। কি ঠিকনা লিখিবা তাত? মাৰফৎ - ঈশ্বৰৰ ঘৰ? ডাক সূচকাংকত লিখিবা শূন্য, শূন্য.... মহা শূন্য।

মই হীনতাত তুমি ইমান সুখী!!!

সম্প্ৰতি মই এখন জন শূন্য চহৰ অভিমুখে ধাৱমান। বহুত মানুহৰ ভীৰৰ মাজত একাকীত্বৰ মদিৰা পি পি ঢলং ঢপং কৈ মই গৈ আছোঁ। কেতিয়াবা দৌৰিছোঁ কেতিয়াবা খোজ কাঢ়িছোঁ বহুৱা বাইছো কুমজেলেকুৱাৰ দৰে। সম্প্ৰতি মই নিজৰ মূল্যাংকন কৰিছোঁ কেতিয়াবা পৰি আছোঁ পদ পথত কেতিয়াবা প্লেটফৰ্মত জীৱনক চুই চাব খোজিছোঁ। গোঁ গোঁ, গুণ গুণ আৰু মোৰ তৃতীয় লিংগৰ হাত চাপৰি। দেশৰ বাবে তেজ দিয়াৰ কথা আছিল তোমাৰ নামত তেজৰ চিঠি লিখাৰ কথা আছিল ধুৰ গোঁৱাৰ ম'হ.. তুমি মখমলি মখমলি সপোনৰ পিছত দৌৰিছা আৰু মই ভোক আৰু টোপনিৰ টনা আঁজোৰাত তৃতীয় লিংগীয় নৃত্য কৰিছোঁ। উজাগৰ নিশা অংক পাতিছো ফলিত। পুনঃপৌনিক সমীকৰণ। সমীকৰণৰটোৱে দাঁত নিকটাইছে উত্তৰত পাতিছোঁ "মই হীনতাত তুমি ইমানেই সুখী।" উপসংহাৰঃ দীঘল দলং এখনৰ ওপৰেৰে গৈছা নে কেতিয়াবা? দলং খনৰ সিটোমূৰত সৰু আকাশ এখন ৰৈ থকা যেন লাগে। সি আচলতে ভ্ৰম।

নিজান নিজান.. নিতাল নিতাল।।

লগন স্তব্ধ ঘড়ীৰ কাঁটাত সময় প্ৰৱাহিত অথচ জীৱন স্থৱিৰ। নিসংগতা মোৰ জন্মজ লগৰী জীৱন পৰিক্ৰমাত নতজানু শিৰ। এই যে মৃত শামুকৰ খোলাত বন্দী নতুবা লেটা এটাৰ দৰে খোলাত। বিছা হৈ ওপজিলো ওপজিব জানো ফুটুকি পখিলা জীৱন মাথো নিৰৱে সৰি পৰা পকা পাত এখিলা আক্ষেপ নাই বিৰিখৰ নতুন কুঁহি পাত মেলিব প্ৰতিটো বসন্তত। পোহৰত জোনাকীৰ কি দাম?! কিহৰ বাবে পেলাওঁ তেজ-ঘাম? মোৰ বাবে আন্ধাৰ ভাল আত্মাৰ গোপনত নিসংগতাৰে পিব পাৰোঁ বিষাদ ফটিকা নাই কোনো জঞ্জাল।

মোৰ ঠিকনা বিচাৰি

মোৰ ঠিকনা বিচাৰিছে তেওঁ। হেল্ল, শুনা, তোমাৰ ঠিকনাটো দিয়া। অলপ মৰম পঠাম। কুৰিয়াৰ চাৰ্ভিছত। -হুমম.. কোন? কোন বাৰু তুমি?! -অহঃ পাহৰিলা মোক? মোৰ মাতটোও অচিনাকি এতিয়া তোমাৰ বাবে.. -মাফ কৰিবা । মই যে হৃদয় জয় কৰিবলৈ নিশিকিলো। -প্লিজ ঠিকনাটো দিয়া। -তুমিচোন হৃদয়ত লিখিছিলা মোৰ নাম তেজত আঁকি থৈছিলা মানচিত্ৰ। আজি ঠিকনা বিচাৰি ফ'ন কৰিছা। হাঃ হাঃ হাঃ নৰক নগৰৰ শেষটো বাইলেনৰ জৰাজীৰ্ণ ঘৰটো মোৰ ঠিকনা। অহৰ্নিশে খোলা থাকে বুকুৰ জপনা। (ঠিকনা বিচাৰি ফ'ন কৰা এসময়ৰ এগৰাকী  সুহৃদৰ হাতত)
হৃদয় এক ৰণক্ষেত্ৰ। যুদ্ধ আৰু হৃদয় যদিও পৃথক দুয়োটাকে জিনীবলৈ টান। কিছুমান মানুহে যুদ্ধ জয় কৰে কিছুমানে হৃদয়। কিন্তু যাৰ হৃদয়েই নাই তেওঁৰ কি জীনিবা! শৰীৰৰ? যুদ্ধ জিকিবলৈ যুদ্ধ ক্ষেত্ৰত নামিব লাগিব। হৃদয় জিকিবলৈ? হৃদয় শৰীৰত থাকে। সকলো শৰীৰত কিন্তু হৃদয় নাথাকে। পুনঃ হৃদয় জয় আটাইতকৈ সহজ। কিন্তু হৃদয় বিচাৰি পোৱাটো দুৰুহ। দূৰ্লভ। কঠিন।

দুখ বোৰ মোক দিয়া ভালপোৱাবোৰ তুমি লোৱা।

তেওঁ সুধিলে - "সুখী নে তুমি?" মই ক'লো- তোমাৰ দুখ বোৰ মোক দিয়া আৰু সুখী হোৱা। তেওঁ সুধিলে - "হাঁহি আছা নে?" মই ক'লো- চকুপানী বোৰ মোক দিয়া তুমি হাঁহি থাকা। প্ৰায়ে তেওঁৰ স'তে আলাপত বহোঁ তেওঁৰ নিসংগতাবোৰ মোক দিয়ে মই একাকীত্বৰ বিষাদত মগন হওঁ। তেওঁক বিশ্বাস দিব পৰাকৈ বিশ্বাসী হ'ব খোজোঁ। বিষাদ বোৰ পাণ কৰি নীলকণ্ঠী হওঁ। এদিন তেওঁ ক'লে অলপ শান্তি দিয়া। মই ক'লো-  বিনিময়ত যুদ্ধ নকৰিবা। ১০ ডিচেম্বৰ ২০১৮

এই বাটেৰে আজি তেওঁ আহিব

এই বাটেৰে আজি তেওঁ আহিব এই ফুলনীত আজি ফুল ফুল ফুলিব নুফুলা বহু কলিও সৰি পৰিব পছোৱা বলিব মিছা ভালপোৱাৰ তাচ পাতৰ ঘৰ পকা পাত সৰা দি খহি পৰিব এই বাটেৰে তেওঁ আহিব। এই বাটেৰে তেওঁ আহিব পুৰণি নিয়মবোৰ অনিয়মৰ ভৰত ভাঙি পৰিব সম্ভাৱনাহীন এজাক বৰষুণ সৰিব ইপাৰ-সিপাৰ একাকাৰ হ'ব হাঁহাকাৰ বোৰ চিৎকাৰ হ'ব এই বাটেৰে তেওঁ আহিব। পথবোৰ মসৃণ হ'ব পহৰিয়াবোৰ সস্ত্ৰম হ'ব চাইৰেণবোৰ বাজি উঠিব পথ হেৰুৱাৰ ভয় নাথাকিব এই বাটেৰে তেওঁ আহিব পথ হেৰুৱাবলৈ পথেই নাথাকিব।
একাকীত্বৰ  গৰল পান কৰি  নীলকণ্ঠী হওঁ। "মৃত্যু মা আমৃতং গময়" তমসাৰ পৰা পোহৰলৈ নিয়া জীৱনৰ পৰা! মৰণলৈ?! নিজৰ নিজানত নিৰ্জনতাৰ সুৰা পান কৰি মাতাল হওঁ সময় নদীত দলিয়াই দিওঁ যত দুখ, ক্লান্তি, অসুখ সৰু সৰু শিল গুটিৰ দৰে। ঢৌ উঠে। ঢৌ মানে যে সোঁত নহয় জীৱন সময় বালিত পৰি ৰয় আৰু মই! আত্মাৰ পৰা আত্মালৈ বন্ধা সেতু বোৰ ঘৈয়াই যাওঁ নিঃসংগ হওঁ  গৰল পান কৰো একাকীত্বৰ গৰল আৰু  নীলকণ্ঠী হওঁ।
সুৰ ভাল, সুৰা ভাল "য়ে ইন্টেজাৰ গলত হে কি চাম হ' যায়ে.." অজুহাত যেতিয়া পায়েই গ'লা সন্ধিয়ালৈ কিয় ৰ'বা এতিয়াওতো পিব পাৰি ফটিকা মাতাল হ'ব পাৰি ডুৱ যাব পাৰি নষ্টালজিয়াত। "আজ কাল ইটনি ভি নেহী মিলটি মেহখানে মে যিটনি হাম চ'ৰ দি থি পেমানে মে..." অৱশিষ্টকে পান কৰোঁ আহা জীৱন মদিৰা ভীৰ কৰক স্মৃতিয়ে কাতৰ কলিজা নিচা কাৰোবাৰ বাবে প্ৰেয়সীৰ চকুপানী কাৰোবাৰ বাবে আলিংগনৰ আৱাহনি নিচা প্ৰিয়াৰ কাজলত নিচা বিষাদী গজলত। সন্ধিয়া আহিবই নামি জীৱনৰ দেৰী কিয় সখা অজুহাত যেতিয়া পায়েই গ'লা উদযাপনৰ। গান ভাল সুৰ ভাল সুৰা ভাল মলমৰ দৰে পূৰাই আনে ঘাঁ কলিজাৰ।

ৰ'দ চাৰিওফালে

ৰ'দ মোৰ চোতালত ৰ'দ মোৰ পথাৰত লাৱনী ৰুৱনীৰ কলাফুলত ৰ'দ পাৰঘাটত পানী ঘাটত পানীৰ কলহত গৰ্ভৱতী ৰ'দ। শইচ সম্ভাৱনাময় ৰ'দ। ৰ'দ চাৰিওফালে উত্তৰে দক্ষিণে নৈঋতে ঈশানে দূৰৈত ক'লা মেঘ বুকুৰ গোপনে গোপনে। ©বিনয়

ৰ'দৰ কবিতা

(১) ৰ'দত ফুল ৰ'দালীত সোনালী পখিলা বুকুৰ বকুল জোপাৰ পৰা নিৰৱে সৰি পৰিল হালধীয়া পাত এখিলা (২) তামসিক ৰাতিটোৰ শেষত বন পক্ষীৰ কলৰৱ ৰৌদ্ৰস্নানেৰে এঙামুৰি দিলে কাঁইটীয়া গোলাপ। ভালপোৱাবোৰ সুহুৰি বজাই ৰ'দৰ বাটেৰে গুছিযায় পৰ্যটক প্ৰেমিক তাৰ ঘামে ধোৱা কামিজৰ তলত ভালপোৱাৰ ৰ'দে পোৰা কলিজা মৌন নিৰ্বাক। (৩) এইটো ৰ'দৰ বাট এই বাটেৰে গ'লে পাব পাৰি প্ৰেমৰ পাৰঘাট মাজত পঁচা মদাৰৰ সাকোঁ হিংসা, প্ৰতি হিংসা আৰু বিশ্বাসঘাটকতাৰ। (৪) ৰ'দ সৰি পৰে ডাৱৰৰ ফাঁকে ফাঁকে শাওঁনীয়া পথাৰত ৰ'দে সম্ভাৱনাৰ ছবি আঁকে। চৌফলীয়া ৰ'দত বুকুৰ সোৱণশিৰিত সোণালী পিঠিয়াই জলকেলি কৰে ৰ'দে গানো জানে ঘামো আনে। ©বিনয়

নুপূঋনাৰ চহৰত

তোৰ চহৰলৈ আহিছিলো নুপূঋনা তোক বিচাৰি তই দিয়াৰ কথা আছিল হৃদয়ৰ ঠিকনা গোৱাৰ কথা আছিল প্ৰেমৰ বন্দনা। আহিছিলো এখন নৈ দুটা পাৰঘাট পাৰ হৈ হৈ ডাৱৰৰ নিচান চাই নোগোৱা গানৰ সুহুৰি বজাই। মনত আছানে নুপূঋনা ! আমি বাট হেৰুৱাৰ কথা আছিল কৃষ্ণচূড়াৰ অৰণ্যত হেৰাই যোৱাৰ কথা আছিল হৃদয় অভয়াৰণ্যত। মই চিনি পাইছিলো তোৰ হৃদয় চহৰৰ প্ৰতিটো গলি এপাৰ্টমেন্ট নাম ফলকহীন যদিও ঠিকনা বিহীন উৰি আছিল প্ৰেমৰ তেজ ৰঙা পতাকা তোৰ ৰাধাচূড়া পদূলিত। আমি তিতাৰ কথা আছিল এজাক ভালপোৱাৰ বৰষুণত উজাই যোৱাৰ কথা আছিল আকূলতাৰ নৈ খনত। এটা লং ড্ৰাইভ আৰু মেহদি হাচানৰ গজল দুপিয়লা ক'ল্ড ক'ফিৰ মাজত অনন্ত নিৰৱতাৰ সাগৰ মনত পৰেনে নুপূঋনা ? নুপূঋনা, নুপূঋনা.. নাজানো ক'ত শেষ এই যাত্ৰাৰ কি নাম কি নাম এই আকূলতাৰ!! মই গুছি আহিলে বে ৰঙী হৈ পৰিবনে তোৰ চহৰ। স্তব্ধ হৈ পৰিবনে প্ৰহৰ? উচুপিবি নে মোৰ সোঁৱৰণত!! নুপূঋনা, এৰি থৈ আহিলো তোৰ চহৰ অতীত হৈ গ'ল সেই নিৱিড় প্ৰহৰ ৰৈ গ'ল কোনো অচিনাকি জাহাজ সাৱটি উদাস বন্দৰ। নুপূঋনা, গুচি আহিলো তোৰ চহৰ এৰি নহ'লে যে বদনামী হৈ পৰিব চহৰ গলি, বাইলেন মানুহে ওলিয়াব বু বু বা বা নুপূঋনাক বদনামী কৰি। মই ঘূ

অমৃত্যু

জীৱনৰ বাট।  জটিল কূটিল মৃত্যুৰ বাট মসৃণ ৰাখি যাব যি সময় বালিত খোজৰ চিন দূৰ্ভিক্ষ, দূৰ্দিন ইপাৰতে শেষ নাজানো সিপাৰ মৃত্যুত মাথো নহয় শেষ সৰা ফুলৰ সৌৰভেও পুলকিত কৰে মন সৰিলেই মাথো নহয় শেষ।

মৰা মানুহৰ দেশ

Image
বুৰঞ্জীৰ পাতত ডুৱ যাব ধৰা এখন দেশ ৷ ইতিহাস হ'ব খোজা এটা জাতি এৰি দি মাটি এৰি দি ভেটি এৰি দি পুলিন -পুথাওৰ সমাধি অথবা ৰংগভূমি মাৰিছে দীঘল হামি এক অনন্ত শয়নৰ প্ৰস্তুতিত ৷ কণ্ঠ ৰূদ্ধ প্ৰতিবাদৰ মৰা শৰ দৰে নিৰুদ্দেগ এখন মৰা মানুহৰ দেশ ৷ যাওক দেশ যাওক মাটি যাওক ভেটি সাত পাতালৰ অতলত পৰি ৰওক জাতি কাৰ কি ক্ষতি ? ঘটিব লাগে ধন গোটাব লাগে মান বনাব লাগে সন্তান গঢ়িব লাগে ঐশ্বৰ্য্যৰ পাহাৰ লাগিলে সেই পাহাৰ তলত পোত যাওক সাতামপুৰুষীয়া গৰ্ব স্বদেশ- স্বজাতিৰ অহংকাৰ ৷ এখন মৰা মানুহৰ দেশ পিন্ধি প্ৰগতিৰ ভেশ গাই গোটে পেটে ভঁৰাল সাজি যায় অহৰ্নিশ এখন মৰা মানুহৰ দেশ শ শ প্ৰজা শ হৈ নতশিৰ নোহে , নোপজে আৰু বীৰ আত্মকেন্দ্ৰিকতাৰ তপত মৰুৱে গ্ৰাস কৰি আনে ক্ৰমে এখন নিলাজ মানুহৰ দেশ ৷
সুখী মই আছে নে সুখী হোৱাৰ কিবা নিয়ম ব্যাকৰণ, নীতি, নিয়ম? কিমান ঐশ্বৰ্য্যৰে সম্পদশালী হ'লে সুখী হ'ব পাৰি ? কিমান পালে ? কিমান দামী পোচাকেৰে কি অলংকাৰেৰে সজালে নিজক সুখী হ'ব পৰি ? কিমান থাকিব লাগিব বেংক বেলেঞ্চ? কিমান বিলাসী হ'ব লাগিব গাড়ী ? কিমান ওখ হ'ব লাগিব অট্টালিকা ? নাথাকিলে ও চলিবনে এখন হৃদয় ? কুশল বাৰ্তা সুধিব পৰাকৈ ? অলপ মৰম ডুবি থাকিব পৰাকৈ ডুবাই ৰাখিব পৰাকৈ অকণি ভালপোৱা বুকু জুৰ পেলোৱাকৈ অলপ আবেগ কান্দিব পৰা কৈ কিঞ্চিত সহানুভূতি ? আনক দিব পৰাকৈ ঈৰ্ষা আৰু হিংসা, কপট আৰু  আকাঙ্খা, প্ৰাপ্তিৰ হেঁপাহ আৰু নোপোৱাৰ হাঁহাকাৰ দুখৰ অনন্ত প্ৰকাৰ ৷ এখন হাত বোকামাটি খচিব পৰাকৈ এখন হাত আকুলতাৰে মেলিদিব পৰা কৈ এটা মন আকাশৰ সেউজীয়া চুব পৰাকৈ এজুৰি চকু ধুনীয়াবোৰ চাব পৰাকৈ এখন বহল  বুকু অভ্যৰ্থনা কৰিব পৰাকৈ অলপ উদাৰতা সকলো দিব পৰাকৈ আৰু নো কি ? যি দিলা তাকে ল'লো যিমান দিলা তাতকৈ নিবিচাৰিলো সৱ লাগে বুলি এবাৰো নক'লো মই সুখী হ'লো মই সুখী হ'লো ৷
Image
তই শূন্যতাৰ স'তে ওমল কিয়? এই উদাসী ছোৱালী জনী শূন্যতাৰ সাগৰত ওপঙি কিয় মেলাৱ দুখৰ কলিয়া চুলি শোকৰ বতাহত? হুমুনিয়াহেৰে গধুৰ কৰ কিয় মোৰ বুকুৰ উপকূল ৷ ইমান আকুলতাৰে কিয় হাত বাউলি মাত বিষাদী অতীতক কিয় গুণ গুণাৱ বিষাদ কাৱানৰ সুৰ? শূন্যতাৰ বেলুন এটা লৈ কিয় ওমল নিজান দুপৰীয়া অথবা জয়াল ৰাতি ৷ শূন্যতাতো এখন চিলা নহয় যাৰ পিঠিত বান্ধি উৰুৱাই দিবি জীৱনৰ যত দুখ, অপ্ৰাপ্তি ৷ উদাসী ছোৱালী জনী অ' কাৰ বিৰহত উচুপি উঠ কাৰ নুশুনা মাতত আকুল হ'ৱ বিষাদৰ চকুলোৰে তিয়াৱ শিতানৰ গাৰু ? তই বিষাদৰ বাঁহীটো বজাই মোক কন্দুৱাবলৈ কিয় ভাল পাৱ বাৰু? উদাসী ছোৱালী জনী অ' মই চিলা হ'ব খোজোঁ  নীলকণ্ঠী আকাশলৈ উৰুৱাই লৈ যাব খোজোঁ তোৰ সমষ্ট বিষাদ গুজি দিম যেন ৰ'দ ফুল তোৰ নেঘেৰী খোপাত ৷ আহ সামৰি বিষাদ ৰ'দৰ দেশলে যাওঁ আহ পোহৰৰ গান গাওঁ বৰফৰ দৰে গলিবলৈ দিওঁ শূন্যতাৰ বল আশাৰ জিল মিল ৰদ'ত ৷