Posts

Showing posts with the label গদ্য

সাগৰ দেখিছা

Image
 

বিহু কোন ঢালে১

 (দৃশ্য ১) নগৰৰ আঢ্যৱন্ত লোকৰ ঘৰৰ চোতাল ৷ লোৰ জপনা খনত পিচফালটো দি এখন বিলাসী গাড়ী ৷ ডিকিটো খোলা ৷ ডিকিত এটা "ডিজে" ৷ উচ্চচৰত বিহু সুৰীয়া গীত বাজিছে ৷ অদ্ভূত বেশ-ভূষাৰ চেমনীয়া ল'ৰা-ছোৱালী দুটামানে নাচৰ নামত চাৰ্কাচৰ জকৰৰ দৰে হাত- ভৰি জোকাৰিছে ৷ অলপ পৰ পাচত ঘৰৰ ভিতৰৰ পৰা মানুহ এজন ওলাই আহিছে ৷ মানুহ জনৰ সাজ-পাৰ চাই কৈ দিব পাৰি যে তেওঁ ঘৰটোৰ কামকৰা মানুহ ৷ চিঞৰ-বাখৰ কৰি থকা দলটোক অলপ ডাঙৰৰ আকাৰৰ নোট এখ দিছে , চফদানীত ৷ অলপৰৰ বাবে নাচৰ দৰে মৰা জাঁপ বন্ধ হৈছিল যদিও পিচ পাকতে ফুৰুলি কেইটামান মাৰি সিহঁত নাচিবলৈ লাগিল ৷ টকাৰ পৰিমাণটো কম হৈছে ৷ সিহঁতে বিহু মাৰিছে ৷ দৃশ্য -২ মফচলীয় অঞ্চলৰ ব্যৱসায় কেন্দ্ৰ ৷ দোকানৰ বাৰান্দাত ৬ টা মান ল'ৰা-ছোৱালী ৷ এটাৰ ডিঙিত ঢোল ৷ এটাৰ হাতত তাল ৷ ঢোল-তাল লোৱা দুটা আগত ৷ ঢোলটোত তালহীন মাৰ কেইটামান মাৰিছে ৷ সিটোৱে শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি তাল কোবাইছে ৷ দোকানী জনে অতিষ্ঠ হৈ দহ টকা এটা দলিয়াই দিছে ৷ সিহঁতো বিহু মাৰিছে ৷ দৃশ্য-৩ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মিত পথ এটা ৷ চিৰালৰ বাকলি এৰুৱা দি বিটুমিনবোৰ বখলা বখলে এৰাই গৈ সৰু
বুকুভৰা গীতবোৰ - '… জানিব খোজিছোঁ গোপন মন্ত্ৰ সৃষ্টিত থকা আই ৷ জানিব খোজিছোঁ কি গীত গালে  শূন্য আঁতৰি যায় ৷৷ উদং বতাহৰ বুকু কেনেকৈ মিঠা সুৰভীৰে ভৰে… সাৰ পাম মই পুুৱতি নিশাতে… " - নিৰ্মলপ্ৰভা বৰদলৈ সাৰ পাই গ'লো পুৱতি নিশাতে ৷ গ'লটো নিশা কাণত "হেডফোন" লগাই গীতৰ ৰাগীত ডুব গৈ থাকোঁতে কেতিয়া টোপনি গ'লো গমেই নাপালো ৷ অলপ সোনাকালেই ঢলি পৰিছিলো চাগে টোপনিৰ কোলাত ৷ আৰু এতিয়া সাৰ পাই দেখোঁ কণ্ঠত বিষ নুঠা ম'বাই ফোনটোত গান বাজিয়েই আছে ৷ সময় পুৱতিৰ তিনি বাজিছে ৷ আহঃ কি মিঠা গীত আছিল সেইবোৰ ৷ কি অপূৰ্ব, অৰ্থবহ গীতৰ কথা ৷ মিঠা সংগীত… ৷ সমান্তৰাল ভাৱে মনলৈ আহিছে আজি গীতৰ নামত চলি থকা অশ্ৰব্য চিঞৰ-বাখৰ বোৰ ৷ জানুৱাৰী মাহ ৷ পিকনিকৰ সময় ৷ প্ৰতিটো বনভোজৰ দলৰ গাড়ীত কাণতালমৰা শব্দ যন্ত্ৰ আৰু গীত (?)ৰ ব্যৱস্থা ৷ আই ঔ গীতৰ নামত যিবোৰ বাজিছে বুকু শাঁত পৰাৰ সলনি কাণ-মূৰ গৰম হৈ যোৱাৰ লগতে প্ৰচণ্ড খং এচাটি উজায় আহে ৷ খঙাল মানুহ মই ৷ মোৰ দোকানৰ মুখত এনে বহু গাড়ী ৰখাই একদম শীৰ্ষতম প্ৰাৱল্যত গীত বজাই কাণ ঘোলা কৰি দিয়ে ৷ আজি কালি আকৌ "ক্ষেত্ৰ ভ্ৰমণ" বুলি বিদ্যালয় সমূ
Image
হৈ-গুডু, টাংগুটি বনাম নীলা মাছৰ খেল                     -বিনয় কৃষ্ণ তামুলী ফুকন।     বিগত কেইদিন মান অসমৰ সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত বহু চৰ্চিত বিষয়টো হৈছে এবিধ বিশেষ অন লাইন খেল। মাটি ফুটি ওলোৱাদি হঠাৎ প্ৰকাণ্ড দৈত্য এটাৰ আবিৰ্ভাৱ হ’ল যেন। খেল খেলি গুৱাহাটীত এটি কিশোৰে মৃত্যুৰ স’তে যুঁজি চিকিৎসাধীন হোৱাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে গোটেইখন হুৱা-দুৱা লাগিল। বহুতে ‘গুগুল’ খুড়াৰ কাষ চাপিল। ইজনতৈকও সিজন জনা ওলাল। টিভিৰ চেনেল বোৰেও পৰিৱেশন কৰি গ’ল ইটোতকৈ সিটো এক্সক্লিওচিভ বাতৰি। কাকতত ওলাল বৰ বৰ হৰফেৰে- অমুকত এই খেল খেলি এজনৰ আত্ম হত্যা, খেলৰ মূল নিয়ন্ত্ৰাক আটক ইত্যাদি।  অত্যুৎসাহী কিছুৱে আকৌ খেল বিধৰ লিংকটোকে দি দিলে ছ’চিয়েল মিডিয়াত। মানে গোটেই কাৰবাৰটো মল খুঁচৰি গোন্ধ বাহিৰ কৰাৰ দৰে হ’ল। নজনা সকেলও খেল বিধৰ কথা জানিলে। উৎসুকতা বৃদ্ধি পালে। খেলুৱৈৰ সংখ্য বাঢ়িল। শেহতীয়া তথ্য মতে বিগত কেইদিনত এই বিশেষ খেল বিধৰ গুৰি বিচাৰি ‘গুগুল’ খুড়াৰ কাষ চপা ভতিজা হঁতৰ সংখ্যাই অসমত ৰেকৰ্ড গঢ়িছে।     সত্য কথা ক’বলৈ গ’লে মই এই খেল বিধৰ বিষয়ে একো নাজানো। এই কেইদিনত সংবাদ মাধ্যম, ছ’ছ
বানপানীৰ  চিন্তাঃ   আমাৰ দৰে খাৰ খোৱা মেঠাই ইমান ভয়ানক সমস্যা এটাৰ কথা ভৱা ভুল যদিও ইচৰে মূৰটো ঘূৰণীয়াকৈ দিয়াৰ বাবে নাভাবি থাকিব নোৱাৰো ৷ কাৰ লাভ লোকচান হ'য় নাজানো মোৰ কিন্তু অসমৰ বানপানীক লৈ বেলেগকৈ ভাবিৰ মন গ'ল ৷ অসমৰ বানপানী আজিৰ সমস্যা নহয় ৷ হৈ আহিছে, হৈ থাকিব ৷ নক'মে ৷ বৰং বাঢ়িব ৷ যি দলৰে চৰকাৰ নহওক ইয়াক যে স্থায়ী ভাৱে সমাধান কৰিব পাৰিব মোৰ চুটি মগজে নকয় ৷ ইয়াৰ কাৰণো দেধাৰ ৷ হেৰ' প্ৰথম কথা অসমৰ ভৌগলীক অৱস্থিতি ৷ চাৰিওফালে পাহাৰে আৱৰা ৷ অসমখন ঘুটুুুং চৰিয়া এটাৰ দৰে ৷ আৰু পানীৰ ধৰ্ম ততলৈ বৈ অহা ৷ উজনী অসমৰ নদীবোৰৰ উৎস অৰুণাচল পাহাৰ ৷ নামনিৰ ফালে ভুটান, মেঘালয় পাহাৰ আদি ৷ গতিকে পানীসোপা যাব ক'লৈ?  অসমলৈকে নামি আহিব ৷ তাতে পাহাৰৰ গছ-গছনী কাটি তহিলং ৷ ফলত বালি-মাটি-শিলে নদী সমূহৰ বক্ষ তৰাং কৰিলে ৷ এই কাৰণতে ধেমাজীৰ জীয়াধল, কুমতীয়া, গাই আদি নদীবোৰৰ নামটো হে আছে ৷ নৈ নাই ৷ বালিয়ে পুতি ফুটবল খেলা ফিল্ড যেন কৰিলে ৷ গতিকে সৰহ পানী আহিলে পানীয়ে গাঁও,নগৰ, চহৰ ফুৰিবলৈ যাবই ৷ দ্বিতীয়তে নদী বান্ধ বা জলবিদ্যুৎ প্ৰকল্প ৷ কাষৰীয়া পাহৰীয়া ৰাজ্যৰ জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত প

ৰঙালী বিহুৰ ৰস ৰচনা

( ৰস ৰচনা) ৰঙালী বিহুৰ ৰচনা খন নতুন প্ৰজন্মই কেনেদৰে লিখিব??  - বিনয় কৃষ্ণ তামুলী ফুকন ৷  প্ৰতিবছৰৰ পাপাৰ  মাৰ্চ ইন্দিংৰ পাচত এপ্ৰিলৰ ফাৰ্চটত এই বিহু চেলিব্ৰেচন কৰা হ'য় ৷  মাৰ্চৰ লাষ্ট উইক মানৰ পৰা বহুত বহুত টেম্পৰেৰি ষ্টল ওপেন কৰে ৷ তাত ৰেষ্টুৰেন্ট আৰু ফাষ্টফুডৰ কাউন্টাৰ বিলাকত নোপোৱা চিৰা, পিঠা,  দৈ, গুৰ,  কোমল চাউল আদি পোৱা যায় ৷ গামোচা,বিহুৰ মিউজিকেল ইনচট্ৰুমেন্ট  গগনা, সুতুলী, কাকৈ, এটচেট্ৰা পোৱা এক্সট্ৰা কাউন্টাৰো থাকে ৷ মাম্মা- পাপাই সেইবোৰ কিনি আনি ফ্ৰিজত ভৰাই থয় ৷ আমি সেইবোৰ নাখাওঁ ৷ চেণ্ডুইচ, চিকেন ৰ'ল, মম , পিজ্জা খাই আমি ভাল পাওঁ ৷ বিহুৰ বাবে কিনাবোৰ অালহিক দিয়ে ৷ আমাৰ বাবে এক্সট্ৰাকৈ এই বোৰ আনে ৷ বিহু আহিলে আমাৰ ভাল লাগে ৷ পাপা - মাই আমাক নতুন কাপোৰ দিয়াৰ উপৰি গ্ৰেণ্ডপা, গ্ৰেণ্ডমা, আকংল হঁতেও আমাক বহুত গিফ দিয়ে ৷ গ্ৰণ্ডমাই আকৌ টি চাৰ্ট-জিন্স দিলেও গামোচা এখনো দিয়ে ৷ পাচত দেউতাই সেইখনেৰে গাড়ী চাফা কৰে ৷  গাঁৱত গলে আমি কাউ বিহুও দেখিব পাওঁ ৷ কাউবিহুত গ্ৰেণ্ডপাৰ হাউচ কিপাৰ জনে মটৰৰ পানী মাৰি জাৰ্জি গৰু কেইজনী গা ধুৱায় ৷ গ্ৰেণ্ডমাই "তাৰমাৰিক" আৰু ম
"অলপ চিন্তা অগভীৰ আঁচনিয়ে শাসনক কৰে সংকৃৰ্ণ… ৷"      -ভূপেন মামা ১৯৮৩ চনত মোৰ বয়স ৯ বছৰ ৷ ৮৫ ত ১১ ৷ গতিকে বিদেশী বহিস্কাৰ আন্দোলনটো ৰিণিকি ৰিণিকি আৰু অগপৰ চৰকাৰ খন, প্ৰফুল্ল মহন্ত, ভৃগু ফুকন, বৃন্দাৱন গোস্বামী, বিহাৰত নিজৰ ডিঙি ব্লেডেৰে ৰেপি আত্মহত্যা কৰা জন ( নাম মনলৈ অহা নাই) ৰাষ্ট্ৰপতি শাসন, ৰাইন' বজ্ৰাৰাংগ আদিৰ কথা স্পষ্টকৈ মনত আছে ৷ পিচলৈ গম পাইছিলো বিদেশী খেদা আন্দোলনটো বিদেশী খেদা আন্দোলন নহৈ বহিৰাগত গতৰ বিৰুদ্ধেও হৈছিল ৷ ভাৰতৰ অন্যান্য প্ৰদেশৰ পৰা অহা ধোৱা, নাপিত, মুচি, ৰিক্সা, থেলাৱালা  জাতীয় সকলক খেদিবলৈ অসমীয়া ল'ৰাই এইবোৰ কামত ধৰিছিল ৷ পিছে নেচেল ৷ জাতীয়তাবাদৰ জুই ধান খেৰৰ জুইৰ দৰে জ্বলি ফুচুক কৈ নুমাই থাকিল ৷ গোগামুখত আকৌ বৰলাৰ ফালে মিচিং লোকে অসমীয়াভাষী মানুহৰ ঘৰ জ্বলাইছিল ৷ কোন বিদেশী, কোন স্বদেশী, কোন বহিৰাগত তাৰ বিচাৰ নকৰি আন্দলোনটোৱে আওবাট লৈছিল ৷ সেইবোৰ পুৰণি কথা ৷ বাংলাদেশী বিতাৰণৰ বাবে কৰা ৬ বছৰীয়া আন্দোলনটো অথলে গ'ল বুলি মোৰ বদ্ধমূল ধাৰণা ৷ ছাত্ৰ কেইজন মান ৰাতিৰ ভিতৰত নেতা হ'ল ৷ নেতা হৈ উদ্দেশ্য পাহৰিলে ৷ আমোলাতান্ত্ৰিক দেশত ফুকলিয়া

নাটৰ বাবে সাজু হওঁ আহক

Image

প্ৰসংগ অসমীয়া দৈনিক বাতৰি কাককত

Image
সংকোচিত হৈছে নেকি অসমীয়া দৈনিক বাতৰি কাকতৰ পৰিসৰ??? শিৰোনামাটো দেখি আপুনি হয়তু ভাবিছে - কি কয় এইজনে? হয় জানো কথাটো?? অসমীয়া দৈনিক বাতৰি কাকত বোৰচোন ইখনৰ পাছত সিখন প্ৰকাশ হৈছে ৷ বহু কেইখনৰ "চাৰ্কোলেচন"ও ভাল ৷ কিন্তু?? কথাটো তাতেই ৷ অসমত যি কেইখন বাতৰি কাকতৰ দৈনিক বিক্ৰী ভাল মানে কাকতৰ ভাষাত "চাৰ্কোলেচন" ভাল সেই কেইখন বাতৰি কাকতে অসমৰ বিভিন্ন ঠাইত পৃথক পৃথক সংস্কৰণৰ দিহা কৰিছে ৷ কাৰণ সকলোকে পুৱাৰ চাহ কাপৰ লগত বাতৰি লাগে ৷ যিটো গুৱাহাটীত প্ৰিন্টাৰ এটা বহাই কৰাতো অসম্ভৱ ৷ গতিকে সুবিধাজনক ঠাইত ছপাশাল বহুৱাই পুৱাতেই যাতে কাকত খন যোগান দিব পাৰে তাৰ বাবে এই ব্যৱস্থা ৷ নহ'লে দুপৰীয়া গুৱাহাটীৰ পৰা আহি পোৱা দৈনিক কাকত খন কোনো অঞ্চলত বুৰঞ্জী হৈ যায় গৈ ৷      এইখিনি লৈকে ঠিকেই আছিল ৷ কিন্তু সংস্কৰণ ধৰ্মী হোৱাৰ লগে লগে যেন কাকতবোৰ সংকোচিত হৈ হে আহিবলৈ ধৰিছে ৷ একেখন কাকতৰে বিভিন্ন সংস্কৰণৰ বাতৰিও ভিন্ন ভিন্ন হ'বলৈ ধৰিলে ৷ ৰাইজৰ স্বাৰ্থলৈ পিঠি দি কাকত বোৰে যি ঠাইৰ পৰা সংস্কৰণটো প্ৰকাশ পায় সেই অঞ্চলৰ বাতৰি সমূহক অগ্ৰাধিকাৰ দি কাকত সমূহক আঞ্চলিক ৰূপ এটালৈ লৈ গ'ল

Karangor Ligiri ( কাৰেঙৰ লিগিৰী)

Image
প্ৰতিভা প্ৰতিভা তেজত লুকাই থাকে নেকি?? গাঁৱৰ মহিলা সকলে এইবেলি দ্বিতীয় বাৰৰ বাবে নাটক কৰিব ৷ মে-ডাম-মে-ফী ত ৷ গ'ল বেলি মোৰ পৰিচালনাতে সাহিত্য ৰথী বেজবৰুৱা দেৱৰ "জয়মতী" কৰিছিল ৷ এইবেলি ৰূপকোঁৱৰৰ "কাৰেঙৰলিগিৰী" ৷ পৰিচালনাৰ দায়িত্ব মোৰেই ৷ গাঁৱৰ ডেকা-বুঢ়া মিলি বাঁহৰ খুঁটা, গাধৈৰে মঞ্চটো সাজি দিছে ৷ ব্যৱস্থাপনা পুৰুষ সমাজৰ ৷ এই সকল মহিলাক লৈ নাটক কৰিবলৈ প্ৰথম বছৰ সাহ কৰা নাছিলো ৷ মৰসাহ কৰি হে আবাঢ়িছিলো ৷ কিন্তু এইবাৰ সেই দৰ নাই ৷ গ'ল বেলিয়েই গম পালো এওঁলোকে পাৰিব ৷ কোনোদিন নাটক নকৰা বোৱাৰী কেইগৰাকী মানে যি সাৱলিলতাৰে ৰূপকোঁৱৰৰ নাটৰ কঠিন সংলাপ মুখস্থ কৰাই নহয় অভিব্যক্তি আৰু ৰসপূৰ্ণভাৱে প্ৰক্ষেপ কৰি পাৰদৰ্শিতা দেখুৱাইছে,  ভাবিবলৈ বাধ্য হৈছো-প্ৰতিভা শুই থাকে তেজৰ তলত ৷ তাক জগাব জানিলেই সাৰ পাই উঠে ৷ মনৰ নিজানত প্ৰত্যেক মানুহৰ তেজত নিতাল মাৰি থাকে শৈল্পিক অনুভূতি ৷ কিছুমান প্ৰকাশৰ অভাৱত শেষ হৈ যায় নিৰৱে ৷ জগাওঁতাৰ অভাৱো এক অন্যতম কাৰক ৷ নাট্য চৰ্চাৰ একো বিশেষ সুবিধা নাই আমাৰ গাঁৱত ৷ চৰকাৰী বিজুলী বাটিৰ পোহৰকণৰ বাদে ৷ আছে কেৱল ইচ্ছা ৷ এই প্ৰচণ্ড ইচ্ছা
Image
মৌনতা ভাষা হেনো তিনি প্ৰকাৰ ৷ কথিত, লিখিত ৷ আৰু??? ইংগিত ৷৷ হয় বহু কথা বুজাব পাৰি চকুৰ টিপত,আঙুলিৰ থাৰত… কিন্তু  মৌনতা? মৌনতাও এক ভাষা ৷ মৌনতাই কোনো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা বহু কথা বুজাই দিব পাৰে ৷ মৌন প্ৰকাশ বৰ শক্তিশালী ৷ বৰ গভীৰ ৷ মগজুৰে নহয় ৷ বুকুৰেহে বুজিব পাৰি মৌন প্ৰকাশ ৷
Image
নাটক হ'বঃ এটা বাঁহৰ খুটাৰে ওপৰত তামোলৰ কামি দি সজা মঞ্চ ৷ তাৰ ওপৰত ধান খেৰ পাৰি দিয়া হৈছে ৷ কেৰ-মেৰ শব্দ নকৰিবলৈ ৷ ওপৰত ফটা তামীঘৰা দুটা ৷ বিদ্যুতৰ ব্যৱস্থা আছে বাবে দুটা ফ্লাড লাইট জ্বলোৱা হৈছে ৷ মঞ্চৰ কাষতে জুই একুৰা জ্বলাই কেইজনমানে জুই পুঁৱাইছে ৷ তাতে এখন নাটকৰ আখৰা চলিছে ৷ আজি ভৰ আখৰা ৷ নাটকখন লিখিছিলো মই ৷  মোৰ জীৱনৰ দ্বিতীয় খন পূৰ্ণাংগ নাট - "বৰ্ণবাদ" ৷ গতিকে মোকো মতা হৈছে আখৰালৈ ৷ "ন-পাম ৰেঙনী নাট্য সংঘ" এচাম নাট ভাল পোৱা যুৱক-যুৱতীৰ দল ৷ নাটক কৰিব ৷ পিছে নাটক নাই ৷ কোনোবাই ক'লে মই নাটকৰ লগত লাগি থকা মানুহ ৷ গতিকে সংঘৰ কোনোবা এজন গৈ মোৰ ওচৰ ওলালগৈ ৷ বিনয়দা নাটক এখন দিয়ক ৷ আমি গাঁৱত কৰিম ৷ সোধিলো কেনেকৈ কৰিবা? ক'লে ভ্ৰাম্যমানৰ দৰে ৷ অলপ পৰ মনে মনে থকাৰ পাচত লাহেকৈ ক'লো ৷ ভাইটি নাটক কৰিবা বাৰু ৷ কিন্তু ভ্ৰাম্যমানৰ দৰে? ভ্ৰাম্যমান থিয়েটাৰ সমূহে ন মাহৰ বাবে তিনিখন নাটক লয় ৷ বাজেটো বহুত ৷ প্ৰথম শ্ৰেণীৰ নাট্য দলবোৰে এনিশাত প্ৰায় এক লাখ টকা কৈ লৈ নাট প্ৰদৰ্শন কৰে ৷ পাৰিবা জানো ভ্ৰাম্যমানৰ দৰে নাটক কৰিবলৈ ? ক'লো- নাটক কৰিব লাগে নিজৰ অৰ্থন
Image
*ৰংদিয়া ৷ মৰম, ভালপোৱা ৷ সজাওঁ ৰামধেনু* ৰং,       এৰা ৰঙৰ বিচিত্ৰ সমাহাৰেই জীৱন ৷ সকলো বোৰ ৰং যি বিচ্ছুৰিত কৰিলে  সি শুকুলা, সকলো ৰং যি শুহি ল'লে সি আন্ধাৰ ৷ ক'লা ৷৷ বেঙুনীয়া, ঘন নীলা, নীলা সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙাৰ সমাহাৰ ৰামধেনু ৷                        ৰংবোৰ সজাব জানিব লাগিব ৷ এনেয়ে এসোপামান ৰং সানি দিলে জানো ছবি হ'য়?? আমি ৰং বুটলি সজাব নাজানো বাবেই হয়তু সকলো ৰং জমা কৰি যাওঁ এফালৰ পৰা ৷ শেষত সকলো শুহি লয় অপ্ৰাপ্তি নামৰ শোষকটোৱে ৷ ক'লাৰে ভৰি পৰে জীৱন সৰহ সংখ্যকৰে ৷          ব্যতিক্ৰমি কিছুৱে জানে  ৰং বুটলি সজাব জীৱনৰ ৰামধেনু ৷ ৰং সজাব নাজানিলেও প্ৰতিজন মানুহে ভাল পায় ৰং ৷ বুটলি সজাব খোজে জীৱন ৷ ভুলকৈ সানি দিয়ে নতুবা মিহলি কৰোঁতে খেলিমেলি হৈ যায় ৷ নিপুন জনে প্ৰাথমিক ৰং কেইটাকে মাত্ৰা অনুসৰি মিহলাই ওলিয়াই লয় না না ৰং ৷ আঁকি যায় মন পৰশা ছবি জীৱনৰ ৷ সেইবোৰ  ব্যক্তিয়েই সফল যি মিলাব জানে ৰং, সজাব জানে জীৱন ৷      মোকো অলপ ৰং দিয়ানা ৷ ময়ো আঁকো  সাত বৰণীয়া ৰাধেনু জীৱনৰ ৷৷ - বিনয়১৯ জানুৱাৰী১৭

Byke stant

Image
ষ্টান্টঃ ( দূৰ্ঘটনা-আত্মহত্যা-হত্যা) মই যি সময়ত জনমিছিলো সেই সময়ত আমি মটৰ চাইকেল বাদেই নতুন বাইচাইকেল এখ ন ঘৰৰ চোতালত কোনোবাই তলা নমৰাকৈ ৰাখিলেই সুযোগবুজি পুৰুক কৈ লৈ যোৱা আৰু তাৰ বাবে দেউতাৰ কাণচেঁপা খোৱা অভ্যাসত পৰিণত হৈছিল। সেইটো যুগত গাঁৱত বাদেই অঞ্চলটোত থকা নাম মাত্ৰ "য়েচডি, ৰাজদূত" জাতীয় মটৰ চাইকেল কেইখনৰ হিচাপ আৰু মাত আমাৰ মুখস্থ আছিল। মই পঞ্চম নৱম মান শ্ৰেণীত থাকোতে দেউতাই কিনিছিল এখন "হিৰ' মেজেষ্টিক মপেড।" তাৰ অগলৈকে ঘৰত আছিল এখন ৰেলী চাইকেল। সেই চাইকেল খনেই আছিল মোৰ প্ৰথম চক্ৰ যুক্ত আৰামদায়ক বাহন। সেই সময়ত গাঁৱলৈ মটৰ চাইকেল এখন আহিলে আমি সৰু বোৰে আচিৰত হৈ চাইছিলো। ভাবিছিলো আমাৰ দেউতায়ো এনেকুৱা এখন লোৱা হলে!!?          সৰু বোৰ বাদেই দিলো। ডাঙৰ সকলেও ঘৰলৈ মটৰ চাইকেল এখন আহিলে গৰ্ব অনুভৱ কৰিছিল।আৰু কাৰোবাৰ পদুলিত যদি এম্বেচাডৰ গাড়ী এখন ৰয়হি তেনে সেইঘৰ মানুহতো অধ্যৱন্তৰ শাৰীত পৰে। কিন্তু বৰ্তমান ৰাজ্য খনত মটৰ চাইকেল-গাড়ীৰ সংখ্যা ইমানেই বৃদ্ধি পালে যে এইবোৰ হিচাপ কৰা মূৰ্খামীৰ বাদে একো নহয়। এইবোৰ পুৰণি কথা। কোন কিমান আগত যাব পাৰে, আৰামদায়ক
Image
এটা বাতৰিৰ আঁতধৰি জুয়ে পোৰা ৮৩ (অনুভৱ ) পুৱা সাৰ পাই কাকতত সমূহৰ ই-সংস্কৰণবোৰ চকু ফুৰাবলৈ আৰম্ভ কৰা বেছিদিন হোৱা নাই ৷ কাৰণ আমাৰ দৰে মফচলীয় ঠাইবোৰলৈ স্মাৰ্ট ফোন অহা বছৰচেৰেক হ'ল যদিও 3জি সেৱা উপব্ধ হৈছে সৌ সিদিনাহে ৷ এৰা বৰ বেগেৰে দৌৰিছে প্ৰযুক্তিৰ পৃথিৱী ৷ আজিৰ পৰা দুটা দশক আগতে আমাৰ অঞ্চলটোত অতি আধ্যৱন্ত মানুহৰ ঘৰত হে টিভি আছিল ৷ তাকো বগা-ক'লা ৷ চেনেল মাত্ৰ এটা DD1 ( দূৰদৰ্শন১) আনটো চেনেল DD2 লগাবলৈ হ'লে  সুকীয়াকৈ এন্টেনা লগাব লাগে ৷ আৰু দেওবাৰে সম্প্ৰচাৰ হোৱা "ৰামায়ণ- মহাভাৰত" ধাৰাবাহিক কেইখন চাবলৈ গৃহষ্ঠই টিভিটোকে বাহিৰলৈ ওলিয়াই দিব লগাত পৰিছিল ৷ টিভিটো হৈ পৰিছিল সমূহীয়া সম্পদ ৷ কিন্তু আজি হাতৰ মুঠিতেই পৃথিৱী ৷ এণ্ডৰইড, উইণ্ডজ, আই ফোনৰ আৰু উন্নত ইন্টাৰনেট সংযোগৰ বাবে হাত থকা ম'বাইল ফোনটোতে বিচাৰি পাব পাৰি পৃথিৱীৰ সমস্ত খবৰৰ পৰা মনোৰঞ্জন, জ্ঞানৰ  সকলো তথ্য ৷          যি সময়ত কাঁডৰ দৰে দৌৰিছে  পৃথিৱী ৷ সেই ক্ষণতে মই কৰ্মৰত নিয়মীয়া বাৰ্তাৰ পৃষ্ঠা জিলিকি থকা এখন ছবি আৰু বাতৰি এটাই ক্ষন্তেকৰ বাবে ভবাই তুলিলে ৷ আমি ক'ত আছো?? জৰাজীৰ্ণ দলঙৰ পৰা পৰি ছা
Image
মানুহ এটা দ্বীপ "মানুহৰ বন্ধু আছে খুব সঁচা আছে পিতৃ আছে পৰিজন আপোন দেহেৰে গঢ়া আছে তাৰ উত্তৰ পুৰুষ তথাপি সি একান্ত নিৰ্জন ৷" ( কবিৰ নাম মনলৈ অহা নাই) এৰা নৱকান্ত বৰুৱা দেৱে ক'বৰ দৰে - "মানুহ এটা দ্বীপ" নতুবা জয়ন্ত হাজৰিকা ( ৰাণাদা)ৰ গীতৰ দৰে " জুমৰো মাজতো অকলশৰীয়া)  কিছুদিনৰ পৰা এই ভাৱ বোৰ মনলৈ আহিবলৈ লৈছে ৷ চাৰিওফালে মানুহ, মা-দেউতা, পত্নী, জীয়ৰি, বন্ধু-বান্ধৱ, আত্মীয়-স্বজন…… তথাপি মই যেন নিজৰ নিজানত অকলে ৷ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী চাৰৰ অমৰ উপন্যাস অনুৰাধাৰ দেশতো পঢ়িছিলো- " কিছুমান সত্য থাকে মানুহৰ,  যিবোৰ মৰিশালিলৈকে কঢ়িয়াই নিব লাগে অকলে ৷" এৰা প্ৰত্যেক মানুহৰে থাকে একোখন নিজৰ পৃথিৱী ৷ কাষত  মনোৰমা পত্নী, সন্তাক লৈ বিচনাত পৰি থাকিলেও প্ৰত্যেক মানুহেই নিজৰ স'তে কথাপাতে ৷ কিছুমান আনক ক'ব পৰা ৷ কিছুমান কাকো কাহানিও ক'ব নোৱাৰা ৷ সেইবাবেই চাগে বুদ্ধদেৱ গুচি গৈছিল মনোৰমা পত্নী, পুত্ৰক এৰি থৈ নিজৰ স'তে কথা পাতিবলৈ ৷ একান্ত নিজৰ ভাৱনাত বিভোৰ হৈ থাকে মানুহ সুবিধা পালেই ৷ নাইবা অন্যমনস্ক নিৰ্বিকাৰতো দোলা দি থাকে এনে কিছু
Image
এজন নতুন পুৰুষৰ মনৰ কথাৰে "মাঘৰ উৰুকা"ৰ অনুভৱ ৷ মাঘৰ উৰুকা ৷ সাত বজাতে ঘৰ সোমালোহি ৷ মাছ-মাংস, পাচলি, দুটামান গেঞ্জী ব্লাউজ জাতীয় কাপোৰৰ বজাৰৰ সৰু টোপোলা এটাৰ স'তে ৷ কুঁহি মানে আমাৰ ন বছৰীয়া ছোৱালী জনীৰ আবদাৰ ৷ চুবুৰীৰ সিহঁতৰ  সমনীয়া কেইটাৰ লগত কেইবাদিন ধৰি ভেলা ঘৰ সাজিছে, মেজি সাজিছে,  ভোজটো মই ৰান্ধি দিব লাগে ৷ মাকৰ ফোনটোৰ পৰা ফোনৰ উপৰি ফোন ৷ দেউতা কেতিয়া আহিবা? দেৰি হৈছে ৷ আহিলো ৷ মই আহি পাওঁ মানে সিহঁতৰ মাংসৰ ওতল আহিলেই ৷ ওচৰৰে মোৰ বাইদেউ সন্বন্ধীয় এগৰাকীকে লগাই দিলে ৷ মোলৈ  ৰ'লে দেৰি হৈ যাব সিহঁতৰ ৷ ভালেই পালো ৷ মই নিজৰ কামত ধৰিলো ৷ কাম আৰু কি? গান শুনা, ফেচবুক, ৱাটচএপ…৷ ফেচবুকৰ পৃষ্ঠা ভোগালীৰ ওলগ, ভেলাঘৰ, মেজি, মাছ, মঙহৰ ছবিৰে পূৰ্ণ ৷ কোনোবাই বজাৰৰ বৃহদাকাৰ মাছটো কিনি, কোনোবাই ব্যতিক্ৰমী ভেলা ঘৰ সাজি, কোনোবাই ভজা-পোৰা মাছ-মঙহৰ, কোনোবাই পিঠা-পনাৰ ফটোৰে ফেচবুক ওপচাই দিছে ৷ হঠাৎ চকু পৰিল এটা সৰু আপডেট- " অকলে অকলে নিজৰ কোঠাতে ৷" বুকুখন চিৰিংকৈ গ'ল ৷ এৰা ৷ ময়োচোন অকলে অকলে নিজৰ কোঠাতে? ? আজি মাঘৰ উৰুকাৰ দিনা কিয় মই নিজৰ কোঠাত অকলে? ইমান নিঃসংগন
Image
পুৱতিৰ অনুভৱ ২: চকু মেলিয়েই ৰাণা দা গীতৰ কলি এটি মনলৈ আহিছে ৷ গীতিকাৰ কোন আছিল জান‌ো ! হয়তু নিৰ্মল প্ৰভা বাইদেউ ৷ " জীয়াই থকাত আছে শিহৰণ মৃত্যু মানেই শেষ পুনৰ জনম আছে বা নাই নাজানো সিখন দেশ ৷ ……… অলপ হাঁহি, অলপ অশ্ৰু, অলপ নুবুজা ডাৱৰ ৷" ( এই পৃথিৱীৰ সেউজী দুৱৰী যাউতি যুগীয়া সাঁথৰ - গীতটো) এৰা, মৃত্যুৰ সিপাৰে কি আছে তাকে লৈ মানুহৰ প্ৰাচীন উৎকণ্ঠা, সিপাৰৰ নেদেখা পৃথিৱীখনত শান্তিৰে থাকিবলৈ, স্বৰ্গ, বেহেস্ত, বৈকুণ্ঠ, হেভেন,… এইবোৰ কাল্পনিক স্থানত আত্মাই স্থান পাওক - তাৰ বাবেই ধৰ্মৰ সৃষ্টি ৷ পাপ - পুণ্যৰ ধাৰণা ৷ কি আছে সিপাৰৰ সেই নেদেখা ৰাজ্যত? কোনেও নাজানে ৷ মাথো মৃত্যু মানেই শেষ - এই কথা জানি হয়তু ভয়ত মৃত্যুৰ পাচৰ ৰাজ্য এখন কল্পনা কৰি নিজকে প্ৰবোধ দিয়ে মানুহে ৷ আছে জানো- স্বৰ্গ, বেহেস্ত, হেভেন??? নাই চাগে ৷ মাথো আছে জীৱন ৷ স্পন্দন থকালৈকে, মগজুটো চলি থকালৈকে, উশাহটো লৈ থকা লৈকে হে সত্য ৷ যি আছে ইপাৰে আছে, সিপাৰে আছে জানো কিবা?? জীয়াই থকাত  শিহৰণ আছে ৷         কোনো প্ৰাণীয়েই মৰিব নিবিচাৰে ৷ প্ৰাণী বুলি ক'লে ভুল হ'ব ৷ জীৱই ৷ কাৰণ কাটি পেলোৱা গছ জোপাৰ মূঢ়াটো

কৃতজ্ঞতা

Image
"কবি খনিকৰ  বুকু তাৰ কবিতা গঢ়াৰ হাতিয়াৰ ৷ পাঠেই কবিতাৰ জীৱন  পাঠকেই দিয়ে কবিতাক নিহাল চৰণাভৰণ ৷" কোনো বিখ্যাত কবিৰ কবিতা নহয় ৷ এতিয়া তেওঁ  কবিতা নিলিখে ৷ এখন অপ্ৰাদেশীকৃত হাইস্কুলৰ প্ৰধান শিক্ষক তেওঁ ৷ যেতিয়া কবিতা কি বুজাই নাছিলো মই, "হীৰুদাৰ সুগন্ধি পখিলা " ওলাইছিল যেতিয়া - তেওঁ তেতিয়াই লিখা কবিতা ৷  মোৰ গাঁৱৰে ককাইদেউ কনক বৰুৱা ৷  আজি অনুভৱ কৰিছো হয় "পাঠেই কবিতাৰ জীৱন ৷" বন্ধু শ্যামল চমুৱাই মোৰ কবিতা সমূহ পাঠ কৰি প্ৰাণৱন্ত কৰি তোলাত মই কৃতজ্ঞ তেওঁৰ ওচৰত ৷
Image
অসমীয়া ভাষা-গীত ইত্যাদি ৷৷ সংস্কৃতি বোৱতী নৈ ৷ ই গতি সলোৱাতো স্বাভাৱিক ৷ সেই দৰে ভাষাও ৷ ভাষাৰ জন্ম আছে বিকাশ আছে, মৃত্যু আছে ৷ মই অৱশ্যে কোনো ভাষাবিদ নহও ৷ কলা শাখাৰ এজন সাধাৰণ স্নাতক ৷ ওজা ছাত্ৰও নাছিলো ৷ মধ্যমীয়া ৷ তথাপি আপোন ভাষাটো ভাল পাওঁ ৷ সংস্কৃতি ভাল পাওঁ ৷ সেইবাবেই মনলৈ কিছু কথা আহিছে ৷ ক'লৈ গৈ আছে অসমীয়া ভাষা? ভাষাৰ লগত যিহেতু সংস্কৃতিৰো ওতঃপ্ৰোতঃ সম্বন্ধ,  সেই বাবে ভাষাৰ আঁচলত ধৰি আওবাটে গতি কৰিছে নেকি অসমীয়া সংস্কৃতি? কিয় কৈছো বুজি পাইছে চাগৈ ৷ বৰ্তমান সময়ত অসমীয়া ভাষাত যিবোৰ গীত ওলাইছে, গীতবোৰত যিবোৰ শব্দৰ প্ৰয়োগ হৈছে - সেইবোৰ দেখি শুনি এই ভাৱ মনলৈ আহিছে ৷ অসমীয়া ভাষাটো ইমান দুখীয়া হ'ল নে যে ইংৰাজী,  হিন্দীৰ খিচিৰি নপকালে গীতৰ সৃষ্টি কৰিব নোৱাৰি?? কৈছো ভাষাৰ বিকাশ আছে ৷ "চচাৰ''ৰ সময়ত ইংৰাজী ভাষাটোত মাত্ৰ দহ হাজাৰ শব্দ আছিল ৷ যেতিয়া এসময়ত বৃটিচৰ বেলি ডুৱ নোযোৱাৰ অৱস্থাৰ সৃষ্টি হ'ল, গোটেই বিশ্বতে বৃটিচৰ আধিপত্য হ'ল তেতিয়া বৃটিচ দখলিকৃত সৰু সৰু অঞ্চলৰ ভাষাৰ শব্দক ইংৰাজী ভাষাই সামৰি ল'লে ৷ বৰ্তমান ইংৰাজীৰ অক্সফোৰ্ড অভিধানত থকা শব্দৰ