Posts

Showing posts with the label গীত

মৌনতাৰ গান

মৌন মুক স্তব্ধ অন্ধ বন্ধ বন্ধ বন্ধ দ্বন্দ্ব দ্বন্দ্ব হৃদয় দুৱাৰ আজি বন্ধ। ভুল ভুল, হুল হুল আকূল আকূল আকূল পাগল পাগল প্ৰতিটো প্ৰহৰ, উশাহ কাতৰ নিস্তব্ধতাতো বহু কোলাহল কঠিন কঠিন পাথৰ পাথৰ আকাল আকাল মৰমী মাতৰ সমাধি সমাধি সৰাফুল যেন সপোনৰ। আকাশ জঠৰ ডাৱৰ নিথৰ নিশাবোৰ হ'ল উজাগৰ জীৱন যুঁজৰ অনন্ত ভাগৰ সুখৰ নহয় শোকৰ সাগৰ শামুকৰ খোলা যেন মন ত্যক্ত, বৰ্জিত উপকূলৰ। মৃত মৃত, সময় আহত কূটিল জটিল কাল অনাগত মৃত কায়া, নাই ছাঁয়া সেউজী সেউজী পাতৰ মৌন মুক স্তব্ধ অন্ধ বন্ধ বন্ধ বন্ধ দ্বন্দ্ব দ্বন্দ্ব হৃদয় দুৱাৰ আজি বন্ধ।

Gaganaba song ( গগনাবাৰ গীত)

Image
২০০০ চনতে লিখা "গোগামুখ গণ নাট্য বাহিনী" গগনাবা ৰ গীতটো "গগনাবা" সংগীত ৷ গীতৰ কথা: বিনয় কৃষ্ণ তামুলী ফুকন ৷ গগনাবা,  আমি গণ নাট্য বাহিনী নৱ প্ৰতিভাৰ কঠিয়া তলিত আমি সৃষ্টিৰ সেউজ কাহিনী মানুহৰ কথা মানুহকে ক'ম জাগিব নতুন পুৰুষ দল শতিকাৰ এই সন্ধিক্ষণত আমি শান্তিৰ সমদল ৷  লক্ষ্য আমাৰ সুদূৰ প্ৰসাৰী পিন্ধিছো বিশ্ব বেশ আন্ধাৰ আঁতৰাই পোহৰ আনিম আঁতৰাম সমাজৰ ক্লেশ ৷ ক'লা আন্ধাৰৰ বক্ষ ফালি পোহৰ দেশলে হৈ পৃথিৱীত আমি ৰং চ'টিয়াম শান্তিৰ শিখা লৈ ৷ গগনাবা,  আমি গণ নাট্য বাহিনী নৱ প্ৰতিভাৰ কঠিয়া তলিত আমি সৃষ্টিৰ সেউজ কাহিনী ৷ ৰচনা কাল ২০০০ চন
Image
সংবাদ সেৱীৰ_গীত সাংবাদিক আমি জনতাৰ প্ৰহৰী … ……………… গণ তন্ত্ৰৰ প্ৰহৰী আমি জাগি থাকোঁ  ৰাতি দিন ৷ জনতাৰ বাতৰি বিলাওঁ নাই ভাগৰৰ চিন ৷৷ ৰ'দেই হওক বা বৰষুণ শিলাবৃষ্টি ধুমুহা ব্ৰজৰ গৰ্জনো হাৰ নামানো জনতা আমাৰ প্ৰেৰণা ৷৷ সাংবাদিক আমি জনতাৰ প্ৰহৰী … ……………… গণতন্ত্ৰৰ মন্ত্ৰেৰে আমি শিক্ষিত, দিক্ষীত, অনুপ্ৰাণিত কলম-কেমেৰা আমাৰ সংগী বিলাওঁ সংবাদ অবিৰত ৷৷ ভেদাভেদৰ ঠাই আমাৰ মনত নাই আমি যে অতন্দ্ৰ প্ৰহৰী সততা আৰু নিৰ্ভিকতাৰে বিলাও আমি সত্য  নিষ্ঠ বাতৰি ৷৷ ৰাইজৰ জয়েই আমাৰ জয় জয় জনতা জনাৰ্দন ৰাইজৰ পক্ষতে থাকিম সদায় এয়াই আমাৰ পণ ৷৷ সাংবাদিক আমি জনতাৰ প্ৰহৰী … ……………… সংবাদসেৱী বন্ধু সকললৈ সমৰ্পিত ৷৷ -বিনয়  ৰচনাকাল ১২ এপ্ৰিল ২০১৫

মোৰ মৰম নদীত

মোৰ মন নদীত কোন অচিনা -অজানা নাৱৰীয়া যৌৱনৰ ভৰ দুপৰীয়া চপাব খোজিছ নাও মেতমৰা, মৰমে ভৰা হেঙুলীয়া ঝিৰি ঝিৰি ঝিৰি জীৱন ৰঙানদী বৈ আছে মোৰ সাগৰ ধিয়াই নিৰবধি তই নচপাবি নাও নাৱৰীয়া মৰমৰ নাও হেঙুলীয়া বৰ থিয় গৰা ঘাট নাইকিয়া যৌৱনৰ এই ৰঙা নৈ বৰ চঞ্চলা তই গুচি যা গাই ভাটীয়ালি সুৰ বিন্দিয়া অ' নাৱৰীয়া অ' নাৱৰীয়া মই ভৰ যৌৱনা আবেগে উতলা দুপাৰৰ সেউজীয়া মোৰ লগৰীয়া নিজৰে দাপোনত কাচোনমতী মই নাহিবি নাহিবি তই অচিনা অজানা নাৱৰীয়া ৷ মোৰ চকুৰ কজলা পখিলা তই ধৰিব খুজিলে মোৰ মেঘ বৰণীয়া চুলি তাৰি তই লুকাব খুজিলে মৰহি যাম মই লাজতে নাহিবি নাহিবি কাষলে ৷ যৌৱনৰ ভৰ দুপৰীয়া চপাব খোজিছ নাও মেতমৰা, মৰমে ভৰা হেঙুলীয়া মই চঞ্চলা ৰঙানৈ যৌৱনমতী মই ব'বলৈ দে মোক সাগৰ ধিয়াই গুছি যা গুছি যা গাই ভাটীয়ালী অ' নাৱৰীয়া অ' নাৱৰীয়া

গীত

মনৰে কাৰেঙৰ গোপন কোঠাত কোন শেৱালী কোঁৱৰী আহি প্ৰাণৰ বীণাত তুলি প্ৰণয় ৰাগীনি হাইতাল বৰণীয়া হৃদয় কঁপায় যাউতি যুগীয়া সুৰ বিনন্দিয়া মনৰ মণি কোঠাত তোৰ চবি জোনাকৰ ৰঙেৰে  অঁকা তই ৰ'দ, তই বষুণ তই জোনাক, তই ৰঙা কাঞ্চন তই ফাগুনৰ ৰঙা শিমলু তই শেৱালী, সাৱটি নিয়ৰৰ চকুলো মন কাৰেঙ জোনাকে ভৰা পোহৰ পোহৰ গোটেই ধৰা তই শেৱালী মোৰ আন্ধাৰ ৰাতিৰ নহৱ সুৰুজমুখীী দিনত ফুলা
WEDNESDAY, 28 DECEMBER 2016 গীত গীতঃ জয়মতী বিনয় কৃষ্ণ তামুলী ফুকন জয় সাগৰৰ জয় দেউলে কিয় আজি সোঁৱৰাই জয়া কেৱল জানো সতীয়েই আছিল যি ৰাখিলে দেশৰ মান বুকুৰ তেজৰ শলিতা জ্বলাই জয়মতী জয়মতী তই নহৱ কেৱল মহাসতী তই দেশৰ বাবে তই জাতিৰ বাবে নিজকে বিসৰ্জিলি তই বীৰাংগনা জয়মতী ৷ পুৰুষ প্ৰধান সমাজে তোক সজাব খুজিলে সতী কোনে লিখিছিল ধৰ্মপুথি নাৰীক কৰি অৱলা সতী তই নহৱ সতী বীৰাংগানা হে মহীয়সী জয়মতী ৷ লাইথেপেনাৰ তই জীয়ৰী গদাধৰৰ জীৱন লগৰী লাই-লেচাইক বুকুত সাৱটি ৰাখিলি নিজৰ দেশ- জাতি ৰাঙলি কৰিলি জেৰেঙাৰ মাটি তথাপি সজাব খোজে কোনে তোক মহাসতী, বীৰাংগনা তই মহীয়সী জয়মতী ৷ আজি বুৰঞ্জী আমি আকৌ লিখিম জয়মতী তোক তেজেৰে আঁকিম ৰাখি গ'লি দেশৰে মান বীৰাংগনা তোক দিওঁ সন্মান ৷ বঙহৰ দেওৰ বাবে তই দিছিলি জানো প্ৰাণ নাছিল জানো তাত স্বজাতিৰ সন্মান? চুড়াত দাগেৰে লিখা ৰ'ল ইতিহাস কাঁইটিয়া কোটকোৰাৰ জোঙাল হুলত ওঠৰ দিনৰ নিৰ্যাতনক কোন পুৰুষ সমাজে কৰে উপহাস? ? তই নহৱ সতী জয়মতী তই তেজে লিখা বিপ্লৱৰ ইতিহাস তই বীৰাংগনা তই মহীয়সী ৰাখি গ'লি দেশ জাতি বীৰাংগনা জয়মতী
Image
গীত অ' মই নাজানো মই নাজানো ৷ দুখৰ কলিয়া ৰাতি ক'ৰ এটি জোনাকী আহি ৷ ঢিমিক ঢামাক কৈ পোহৰাব খোজিছে মোৰ মনৰ মণিকোঠা অকণি অকণি জোনাক বাকি ৷৷ মই নাজানো মই নাজানো তিৰ বিৰ তিৰ বিৰ তৰালী ৰাতি ধৰাত জ্বলাই পোহৰ চাকি ৷ নামি আহে ক'ৰ এটি জোনাকী পাৰিবনে পোহৰাব মন কোঠালী নুমুৱাই তেজৰ তলত জ্বলা নিৰাশাৰ চাকি ৷৷ মই নাজানো মই নাজানো প্ৰহৰ প্ৰহৰ পাৰ হৈ গ'ল মনৰ কোঠালি মোৰ পোহৰ নহ'ল ৷ নিজানে নিতালে অকলে অকলে অকণি অকণি জোনাক ঢালি কিয় জোনাকী ভাগৰি গ'ল ৷৷ মই নাজানো মই নাজানো বুকুৰ তলিৰ বকুল তলত এপাহি বকুল লেৰেলি, মৰহি গ'ল শেৱালীৰ সেওঁতাৰ ৰঙা সেন্দুৰো ৰ'দত শুকাই তাম ৰঙী হ'ল ৷ মোৰ তেজৰ তলত, হাড়ৰ মাজত নজহা নপমা গোলাপৰ পাপৰি এটি কোনে জানো সিঁচি থৈ গ'ল ৷৷ মই নাজানো মই নাজানো মই নাজানো ৷৷

গীত

Image
গীতঃ জয়মতী বিনয় কৃষ্ণ তামুলী ফুকন জয় সাগৰৰ জয় দেউলে কিয় আজি সোঁৱৰাই জয়া কেৱল জানো সতীয়েই আছিল যি ৰাখিলে দেশৰ মান বুকুৰ তেজৰ শলিতা জ্বলাই জয়মতী জয়মতী তই নহৱ কেৱল মহাসতী তই দেশৰ বাবে তই জাতিৰ বাবে নিজকে বিসৰ্জিলি তই বীৰাংগনা জয়মতী ৷ পুৰুষ প্ৰধান সমাজে তোক সজাব খুজিলে সতী কোনে লিখিছিল ধৰ্মপুথি নাৰীক কৰি অৱলা সতী তই নহৱ সতী বীৰাংগানা হে মহীয়সী জয়মতী ৷ লাইথেপেনাৰ তই জীয়ৰী গদাধৰৰ জীৱন লগৰী লাই-লেচাইক বুকুত সাৱটি ৰাখিলি নিজৰ দেশ- জাতি ৰাঙলি কৰিলি জেৰেঙাৰ মাটি তথাপি সজাব খোজে কোনে তোক মহাসতী, বীৰাংগনা তই মহীয়সী জয়মতী ৷ আজি বুৰঞ্জী আমি আকৌ লিখিম জয়মতী তোক তেজেৰে আঁকিম ৰাখি গ'লি দেশৰে মান বীৰাংগনা তোক দিওঁ সন্মান ৷ বঙহৰ দেওৰ বাবে তই দিছিলি জানো প্ৰাণ নাছিল জানো তাত স্বজাতিৰ সন্মান? চুড়াত দাগেৰে লিখা ৰ'ল ইতিহাস কাঁইটিয়া কোটকোৰাৰ জোঙাল হুলত ওঠৰ দিনৰ নিৰ্যাতনক কোন পুৰুষ সমাজে কৰে উপহাস? ? তই নহৱ সতী জয়মতী তই তেজে লিখা বিপ্লৱৰ ইতিহাস তই বীৰাংগনা তই মহীয়সী ৰাখি গ'লি দেশ জাতি বীৰাংগনা জয়মতী জনাও প্ৰণাম হিঁয়াৰ বিনয় 28/12/20