Posts

Showing posts with the label নাট

চুটি নাট

Image
বিহু চান্দাঃ পৰিবেশঃ মফচলীয় অঞ্চলৰ  বজাৰৰ এখন মধ্যম শাৰীৰ দোকান ৷ ষ্টনৱাচ জিন্স, বুকুত অদ্ভূত ছবি ইংৰাজী পংক্তি লিখা টি চাৰ্ট পৰিহিত কেইজন মান উদণ্ড যুৱক ৷ দোকান সুমোৱাৰ আগতে এজনে ৰজনীগন্ধাৰ পেকেটটো ফালি দবল জিৰ' জৰ্দাৰ সৰু পাকেটটো ঢালি অলপ লৰ-চৰ কৰি মুখত ঢালি ল'লে ৷ এক বিশেষ কাইদাৰে ফু-মাৰি ৰজনী গন্ধাৰ লগত থকা "কাথ্থা" বোৰ ফু মাৰি ধোঁৱাৰ দৰে উৰুৱাই দিলে ৷ ল'ৰাটো: ( দোকানিক উদ্দেশ্যি) দাদা অলপ এই ফালে চাবচোন ৷ এই খন লওক ৷ ( ৰচিদ জাতীয় কাগজ এখন আগবঢ়াই দিলে) দোকানীঃ  ভাইটি কি এই খন ৷ ল'ৰাঃ ( অবাইচ) পঢ়িব নাজান নেকি ব্বে? বিহুৰ চান্দা তুলিছো ৷ মাঘ বিহুৰ ৷ দোকানীঃ কিমান লিখিছা? দুই হাজাৰ টকা?? হেৰা ভাইটি মোৰ দোকান খন দেখিছাই ৷ দিনটো বিক্ৰী কৰি এহেজাৰ টকা লাভ কৰিব নোৱাৰো ৷ ঘৰভাৰা, লাইটৰ বিল, পৰিয়ালৰ খৰচ… অলপ ক'ম কৈ ধৰা ৷ ল'ৰাঃ ( অবাইচ) কেপ কেপাই নাথাকিবি ব্বে ৷ তোৰ লগত লাগি কিনে টাইম পাচ কৰি থাকিব নোৱাৰো নহয় ৷ দ্বিতীয় ল'ৰাঃ তই মক্কেল নেকি ব্বে? মাঘৰ বিহু পতা কি মামুলি কথা ভাবিছ? এইবাৰ একদম তাজমহল মাফিক ভেলা ঘৰ বনাম, বহুত বাজেট ৷ আমাৰ ভেলাঘ