Gan bor howk ( গানবোৰ হওক)
গান বোৰ হওক বুটলি বুটলি নিতুল শব্দ চন্দোবদ্ধতাৰে যি মালা গাঁঠা বিতোপন যাৰ সুৰভীয়ে পূৰ্ণ কৰে অনুভূতিৰ তপোবন আন্ধাৰ মনৰ যি জোনাকী পৰুৱা হৈ দেখুৱাই জোনাকৰ বাট শুনাচোন সেই সুৱদী মাত ৷ গান জানো হয় শালীনতাৰ পৰিধি ভঙা এজাক ধুমুহাৰ নাম? নামৰ বাবে গায় জানো কোনোবাই অশ্ৰাব্য শব্দৰ মালিতা নুমুৱাবলৈ লাজৰ শলিতা? গানে লৈ যায় বুকোচাত উঠাই সপ্তসুৰৰ কোনোবা মায়াৱী পুৰিলৈ গান নামি আহে পুৱাৰ সোনালী ৰ'দ হৈ উৰুৱাই লৈ যায় য'ত দুখ বাষ্পীভূত কৰি ভাৱ সাগৰলৈ গান হ'ব পাৰে সংস্কাৰক, গান হ'ব পাৰে প্ৰেৰণা দায়ক হ'ব পাৰে গান বিপ্লৱৰ বাহক গানে জোঁকাৰিব পাৰে ক'লা পতাকা প্ৰতিবাদৰ উৰুৱাব পাৰে শান্তিৰ নিচান হ'ব পাৰে কোনোবা যুদ্ধাৰ চিকমিক তৰোৱালৰ শান হৃদয়ৰ যত অনুভূতি শৈল্পিকতাৰ পোচাক পিন্ধাই কামনা, বাসনা, ঘৃণা জিঘাংক্ষাকো প্ৰকাশিৱ পাৰে গানে ৰাগীনিৰ নেপুৰ পিন্ধায় ৷ গানে যাদু জানে গানে কন্দুৱাব পাৰে নিচুকাব পাৰে গানে মায়ময় ভাৱ সাগৰত সাঁতুৰাৱ পাৰে সঁচা গানে ৷ গান বোৰ গান হওক সমাজ গঢ়াৰ মন্ত্ৰ হওক চিৰ সুন্দৰৰ আৰাধনাৰ স্ত্ৰোতপাঠ হওক গান গান