Posts

Image
ভালপোৱা আগ্ৰহ আৰু হেপাহ বোৰ শেষ হ'লেই বাঢ়ি আহে অজুহাত অভিযোগৰ ভীৰত হেৰাই থাকিব পাৰে ভালপাওঁ বোলা অমাতৰ মাত ৷ ভালপোৱা আৰু শান্তিৰ প্ৰথম স্বৰ্ত যোগাত্মকতা বিশ্বাস হীনতা অভিযোগৰ ইতি কথা ৷ আত্মাৰ সম্বন্ধ মানেইতু আত্মীয়তা নাথাকিব পাৰে তাত জৈৱীকতা ৷ ভালপাওঁ বুলিবলৈ লাগে গভীৰ বিশ্বাস বেয়াপোৱালৈ মাত্ৰ টিলিকি এটাৰ বাট অবিশ্বাস, আগ্ৰহহীনতা আৰু বিয়োগাত্মক চিন্তাৰ ভীৰত হেৰাই থাকিব পাৰে পলকতে ভালপাওঁ বোলা অমাতৰ মাত ৷৷ -২৫ জুলাই ১৭

বন্ধুত্বৰ দিন

Image
বন্ধুত্বৰ দিন এটা দিন আমি বন্ধু বন্ধু খেলিম ৷ একেলগে বহি উদযাপন কৰিম৷ এপিয়লা কফি অথবা এপেগ ৱাইনত চুমুক দিম একেলগে ৷ আলিংগন কৰিম উপহাৰ দিম আৰু ক'ম শুভ বন্ধুত্বৰ দিন ৷ আনুষ্ঠানিকতা খিনি শেষ হ'লেই পৰস্পৰে পিঠিত বহুৱাই দিম বিশ্বাসহীনতাৰ চুৰী ৷ তুমি ওপৰলৈ উঠিব খুজিলে মই তললৈ টানিম ৷ তোমাৰ সফলতাত অভিনন্দন জনাম ঠিকেই ভিতৰি ভিতিৰি জ্বলিম ভীষণ ৷ আৰু ৰচনা কৰিম তোমাক গুৰিয়াই ৰসাতললৈ পেলোৱাৰ সকলো অভিসন্ধি ৷ মাত্ৰ এটা দিন আমি উদযাপন কৰিম বন্ধুত্বৰ নামত ৷ এটা দিন কিয় বন্ধু? প্ৰতিটো দিনেই উৎসৰ্গা কৰো পৰস্পৰৰ নামত নালাগে থক এদিনৰ উদযাপন ৷ বুকুত আছা ৷ থক আজীৱন ৷ অ' ৰ'বা তোমাক সুধিছো - শ্ৰীকৃষ্ণ আৰু বিপ্ৰদামোদৰে পালন কৰিছিল নে বন্ধুত্বৰ দিন? ( মোক যিসকলে বন্ধু বুলি ভাৱে তেওঁলোকৰ নামত) -বিনয় ৬ আগষ্ট ১৭
Image
মৃত্যু কোনে কয় মৃত্যু শিল্প? শিল্প সাধনাৰ ফচল৷ মৃতদেহ তাৰ ভাস্কৰ্য নহয় তুমৰলি তেজত উৰে জানো শিল্পীৰ নিচান? হত্যা নহয় কোনো শিল্পীৰ ভাস্কৰ্য অথবা সুৰীয়া গান মৃত্যু অথবা হত্যা জীৱিতৰ বাবে লোতকৰ বান ৷ ( লফিকুল ইচলাম আহমেদৰ মুক্ত হত্যাৰ প্ৰতিবাদ আৰু বিদেহী আত্মাৰ বেহেস্ত প্ৰাপ্তিৰ  প্ৰাৰ্থনাৰে) ২ আগষ্ট ১৭

Kohiiya

Image
কঠিয়াৰ দৰে নিদ্ৰাৰত বাবেইতু মই স্বপ্ন দ্ৰষ্টা উজাগৰী সপোনৰ পম খেদি  হোৱা নাই পথভ্ৰষ্ট ৷ আন্ধাৰত নিতাল মাৰি মই কাণ উনাওঁ দোকমোকালিৰ ফেঁহুজালি ৰাতিটো শেষ হ'লেই শুনিম চিনাকি চৰাইৰ সুহুৰি ৷ সূৰ্য বন্দনাৰে মুখৰ হ'ব পৃথিৱীৰ য'ত নিদ্ৰামগন - উৰণ, বুৰণ, গজন, ভ্ৰমণ এঙামুৰি দি আৰাম্ভ কৰিম মোৰ সূৰ্যমুখী যাত্ৰাৰ ৷ যদিও জৰাগ্ৰস্ত শৰীৰৰ আত্মাৰ গোপনত নিমাতে নিতালে শুই থাকে দূৰ্জেয় সংকল্প মোৰ যদিও তমসা ঘোৰ পোহৰলৈওতো নহয় দূৰ ৷ টোমাই থোৱা কঠিয়াৰ দৰে নিতাল মাৰি থাকিলেও একাল বুকুত কঢ়িয়াই ফুৰিছো সেউজীয়া এগাল বতৰ পালেই পোখামেলি শ্যমলিমাৰ সাগৰ সাজিম ৷ পাহাৰটোৰ নামনিত  কলিয়া ডাৱৰ জমিলে বিষাদ নুবুলিবা বিষাদ বৰষুণ মোৰ আশীৰ্বাদ পানী পালেই মই গজিম   কঠিয়াৰ দৰে চ'টিয়াইদিম এসাগৰ সেউজীয়া জীৱনৰ বোকা মাটিত ৷      ২০ জুলাই ১৭ ভাই Jamini Anurag ৰ হাতত ৷
Image
ৰঙানদী তোৰ পাৰতেই হাড় পেলাইছিল মোৰ ককা আজুককা হঁতে প্ৰশান্তিৰে যাপন কৰি জীৱন তোৰে স'তে ওমলি-জামলি ৷ তই আছিলি শইচৰ সপোন, পিয়াহৰ পানী, চৌকাৰ জুই, প্ৰেমৰ অইনিঃতম বিষাদৰ কাবান ৷ বৈ আছিলি বাৰিষা-খৰালি উজাই আহিছিল কুমাৰৰ নাও  স্ফটিক ধাৰ যেন পানীত খৰালিৰ ৷  তই মাজে মাজে আহিছিলি মোৰ গাঁৱলৈ -বৰিষা ৷ দি গৈছিলি পলস মোৰ শইচৰ পথাৰ হ'বলৈ অধিক সোণোৱালী ৷ ৰঙা নৈ তই আছিলি শক্তিশালী ৷  শক্তিয়েই  তোৰ হ'ল কাল ৷ তোৰ বুকুত এতিয়া আকাল ৷ দুপাৰৰৰ জনতাৰ হাঁহাকাৰ তোৰ শক্তি আজি অৱৰুদ্ধ তই নিষ্পেষিত টাৰবাইনৰ চকৰীত সীমাবদ্ধ তোৰ স্বাধীনতা ৷ খৰালিত তই পৰি থাক মৃত সৰিসৃপ এডালৰ দৰে বুকুত লৈ মৰুভূমিৰ তামৰঙী সপোন বন্ধা থাকে তোৰ হাত সেয়ে পৰি ৰ'ৱ নিমাতে নিতালে ৷ শক্তি যে অপ্ৰতিৰুদ্ধ তোৰ অপাৰ শকতিত শিৰ নত কৰি মেলি দিয়ে তোক কিছুক্ষণ এৰাল চিগা গৰুৰ দৰে তই দেডাউৰি পাৰ ৷ ভাঙি চিঙি সকলো নিয়ম গুছি আহ চহৰ, নগৰ ভঁৰাল আখল সকলোতে তোৰ উন্মাদ বিচৰণ ৷ পাৰৰ জনতাৰ মৰণ ৷ ধুই নিয় মোৰ সম্ভাৱনাৰ পথাৰ কৰ বালাৎকাৰ দুয়োপাৰে - আৰ্তনাদ হাঁহাকাৰ ৷ ৰঙা নৈ নোৱাৰে ৰোধিব তোক
Image
স্বপ্ন সম্ভৱ: সপোন দেখাৰ জোখাৰে মোৰ সামৰ্থ আছে ৷ স্বপ্ন অথবা দুঃস্বপ্ন দেখিব পাৰোঁ নিৰ্বিঘ্নে নিৰাপদে ৷ শুভৰাত্ৰি অথবা সু-প্ৰভাত জনালেই হৈ নুঠিব পাৰে স্বপ্নময় মোৰ ৰাতি সুখময় মোৰ দিন ৷ দুঃস্বপ্ন এটাৰ শেষত উজাগৰী ভয়াৰ্ত চিন্তাই পুৱাৰ ৰঙা বেলিটোকো ভেঙুচালি কৰে কেতিয়াবা ৷ তথাপি মোৰো আছে স্বাধীনতা সপোন দেখাৰ টোপনিত অথবা নিদ্ৰাবিহীন ৰাতি দেখিব পাৰোঁ স্বপ্ন-দুঃস্বপ্ন আৰু স্বপ্ন ভংগৰ বেদনাত স্বাধীনতাৰে উচুপিব পাৰোঁ কোনো এক ৰৌদ্ৰোজ্বল পুৱা ৷               -১৫ জুলাই ১৭
নৈ খনক মুকলি কৰি দে: ( ৰঙানৈৰ বানকবলিত সকলৰ হাতত) কিতাপবোৰ উটি গ'ল অ' মা ৷ মাৰ্কশ্বিট বোৰ চাৰ্টিফিকেট বোৰ জ্যামিতিৰ বাকচ হ'মৱৰ্ক কৰি থৈছিলো হে বহী খনো লৈ গ'ল ভাইটিৰ পুতলা থকা পেন্সিল বক্স স্কুলৰ বেগ পানীৰ বটল সকলো লৈ গ'ল নৈ খনে ৷ কি পঢ়িম অ' মা? শৰ্মা চাৰে যে হমৱৰ্ক নেদেখুৱালে বৰ লাজ দিয়ে নৈ খনে বাৰু নাজানিলে নেকি? দুপৰ নিশা হে আহিবলৈ পালে নে তাই ইমান মনে মনে অথচ বিনা অনুমতিত ঘৰত সোমাই লৈ গ'ল সকলো ৷ তাই নিলাজী নে অবাধ্য অ' মা? শুনিছো তাইৰ আহিবলৈ মন নাছিল পঠিয়াই দিলে সিহঁতে বল কৰি ৷ তাই শক্তিশালী যদিও অবাধ্য নাছিল হেনো বান্ধি থৈছিল সিহঁতে তাইৰ বল দেখি মেলি দিলে আৰু দেডাউৰি পাৰি তাই পিতপিতাই ফুৰিবলৈ আহিল নগৰ চহৰ আনকি সাৰি নগ'ল আমাৰ ঘৰ ৷ মা তইচোন কৈছিলি "নৈৰ সমান ব'ব কোন আইৰ সমান হ'ব কোন" তাই চাগে পাহৰিলে ক্ষোভত,  খঙত আৰু সমান কৰি থৈ গ'ল সকলোৰে গৰ্ব ৷ মথাউৰিত শিৱিৰ পাতি আমি একে লগে আছো শইকীয়া খুড়াৰ মাৰুতী ৮০০ আৰু বৰুৱা বৰদেউতাৰ স্ক'ৰপিয়ই মুখামুখি কৈ কথা পাতি আছে ৷ মা' সৱে