Wednesday, 16 August 2017


ভেনা মাখি

কিমান ভোকাতুৰ হ'লে
আঁজুৰি চিঙি খাব পাৰি
 কেঁচা মঙহ ?
কিমান স্বাৰ্থপৰ হ'লে
ৰূদ্ধ কৰি দিব পাৰি শ্বাস
ক্ষণিকৰ শৰীৰি খেলৰ শেষত?
কিমান পাষাণ হ'লে
ঢালি দিব পাৰি
আন্ধাৰ সেই বাটত
যি বাটেৰে নামে
প্ৰজন্মৰ জোনাক ?

ভোক সহজাত ৷
কামনাও ৷
কিন্তু কামনাৰ ভোক?

ভোক লাগিছিল সিহঁতৰ
খাব খোজিছিল মঙহ ৷
জীয়া মঙহ কোনে দিব পাৰে শৰীৰৰ?
তথাপিও
কামোৰি আঁজুৰি
চিঙিছিল তাইৰ
শৰীৰৰ
বাধা আৰু প্ৰতিবাদবোৰ
স্তব্ধ হৈ গৈছিল
তাই হৈ পৰিছিল অশৰীৰিৰী ৷

"ডিচপ'জেৱল গ্লাচ" এটাৰ দৰে
পেলাই দিয়া হৈছিল তাইক
মোহাৰি-সামৰি
পান কৰাৰ শেষত
কামনাৰ সুৰা ৷

প্ৰাণহীন শৰীৰটো
পুনৰ বালাৎ কাৰ কৰিবলৈ আহিছিল
এজাক ভেনা মাখি
সিহঁতেও সিঁচি দিছিল
কামনাৰ বীজ
যি বীজৰ পৰা ওপজিছিল
কিল্ বিল্ পোক ৷
মাখিৰো থাকে
কামনাৰ সহজাত ভোক?

ৰূদ্ধ কোঠাটোৰ বাহিৰত আছিল
অলেখ জীয়া মানুহ
কামাতুৰ পিশাচ আৰু মাখিৰ বলাৎকাৰৰ
শেষত দূৰ্গন্ধই বিয়পাইছিল
তাইৰ মৃত্যুৰ খবৰ ৷

বাতৰিৰ ভীৰৰ এটা বাতৰি আছিল
এই খবৰ ৷
ঘৃণাত নাক কোঁচাইছিল
কোঠাটোৰ বাহিৰৰ জীয়া মানুহ জাকে ৷

প্ৰতিবাদ কৰা নাছিল সিহঁতে
কাৰণ -
সিহঁতৰো যে আছে সহজাত ভোক-
 কামনাৰ ৷

সেই মানুহ জাকৰ ভীৰৰ মাজতে আছিল সিহঁত
যি ৰূদ্ধ কৰি দিছিল তাইৰ শ্বাস
হানিছিল, খুঁছিচিল
কামুৰি কামুৰি খাইছিল তাইৰ
শৰীৰৰ গোপন মঙহ ৷
ভীৰৰ মাজতে সিহঁতে
সন্ধান কৰিছিল
নতুন চিকাৰৰ
আৰু সিহঁতক
অনুসৰণ কৰিছিল এজাক
ভেনা মাখিয়ে
যাৰ নাম-
প্ৰতিবাদহীন মানুহ ৷


 ( শিৱসাগৰত উদ্ধাৰ হোৱা গলিত নাৰীৰ মৃত দেহটোৰ আত্মাৰ চিৰশান্তি প্ৰাৰ্থনা আৰু নৰ পিশাচৰ প্ৰয়াচিত্ত কামনাৰে)

-বিনয় ১৭ আগষ্ট ১৭

Monday, 14 August 2017


বানৰ গান

চাৰিও ফালে বান
কেনেকৈ গাওঁ অ'
স্বাধীনতাৰ গান!

মুক্তি যুঁজাৰু ককাই দি যোৱা
জাতীয় পতাকা থকা পেৰাটোও লৈ গ'ল বানে
ককা দেউতাৰ শ্মশানৰ ভেটি
পলস নহয় অ'
বালিত পোত গ'ল ৷

খেজানাৰ ৰচিদ
তেওঁৰ যুতুকীয়া কেৰু-মনি গাম খাৰু
কোন বা ধুবুৰী পালেগৈ !?
কোন স'তে চিঞৰো অ'
"বন্দে মাতৰম"
ভোকে নামানে কোনো ধৰম
স্বাধীনতা কেনেকৈ যাচোঁ তোক মৰম!
আখল-মাৰল-চ'ৰাঘৰ
সপোন হ'ল
মথাউৰিৰ শিৱিৰ
ৰেচনৰ চাউল
মাথো সম্বল ৷
কোন মাতে চিঞৰো
"বন্দে মাতৰম"?

হেৰ' বলিয়া বান
এইবাৰ তোকেই চালাম
আৰুবেলি যদি গজে মোৰ পথাৰত সোণালী ধান
বল আহে যদি
আমাৰ কণ্ঠত
তেতিয়া গাম দে
স্বাধীনতাৰ গান ৷

   -বিনয় ১৪ আগষ্ট ১৭

Sunday, 13 August 2017

বানপানীৰ  চিন্তাঃ
  আমাৰ দৰে খাৰ খোৱা মেঠাই ইমান ভয়ানক সমস্যা এটাৰ কথা ভৱা ভুল যদিও ইচৰে মূৰটো ঘূৰণীয়াকৈ দিয়াৰ বাবে নাভাবি থাকিব নোৱাৰো ৷ কাৰ লাভ লোকচান হ'য় নাজানো মোৰ কিন্তু অসমৰ বানপানীক লৈ বেলেগকৈ ভাবিৰ মন গ'ল ৷
অসমৰ বানপানী আজিৰ সমস্যা নহয় ৷ হৈ আহিছে, হৈ থাকিব ৷ নক'মে ৷ বৰং বাঢ়িব ৷ যি দলৰে চৰকাৰ নহওক ইয়াক যে স্থায়ী ভাৱে সমাধান কৰিব পাৰিব মোৰ চুটি মগজে নকয় ৷
ইয়াৰ কাৰণো দেধাৰ ৷ হেৰ' প্ৰথম কথা অসমৰ ভৌগলীক অৱস্থিতি ৷ চাৰিওফালে পাহাৰে আৱৰা ৷ অসমখন ঘুটুুুং চৰিয়া এটাৰ দৰে ৷ আৰু পানীৰ ধৰ্ম ততলৈ বৈ অহা ৷ উজনী অসমৰ নদীবোৰৰ উৎস অৰুণাচল পাহাৰ ৷ নামনিৰ ফালে ভুটান, মেঘালয় পাহাৰ আদি ৷ গতিকে পানীসোপা যাব ক'লৈ?  অসমলৈকে নামি আহিব ৷ তাতে পাহাৰৰ গছ-গছনী কাটি তহিলং ৷ ফলত বালি-মাটি-শিলে নদী সমূহৰ বক্ষ তৰাং কৰিলে ৷ এই কাৰণতে ধেমাজীৰ জীয়াধল, কুমতীয়া, গাই আদি নদীবোৰৰ নামটো হে আছে ৷ নৈ নাই ৷ বালিয়ে পুতি ফুটবল খেলা ফিল্ড যেন কৰিলে ৷ গতিকে সৰহ পানী আহিলে পানীয়ে গাঁও,নগৰ, চহৰ ফুৰিবলৈ যাবই ৷ দ্বিতীয়তে নদী বান্ধ বা জলবিদ্যুৎ প্ৰকল্প ৷ কাষৰীয়া পাহৰীয়া ৰাজ্যৰ জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানীয়ে খাৰখোৱাক বাৰ বজাই তেৰ ওলমাই দিছে ৷ কুৰিশ্বু, ৰঙানদী ইয়াৰ উদাহৰণ, সোৱণশিৰিত এটা সাজি আছে আৰু তিনিটা সাজিব ৷ মই কোৱা কেইটাতকৈ হাজাৰ গুণ ডাঙৰ ৷ কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৱক ভাৰতৰ শক্তিগৃহলৈ ৰূপান্তৰ কৰিবলৈ আৰু কেইবা শ নদী বান্ধ বন্ধাৰ সিদ্ধান্ত গ্ৰহণ কৰি থৈছে ৷ ৰাজ্যত যি দলৰে চৰকাৰ নাহক কাৰ সাধ্য কেন্দ্ৰক বাধা দিব ৷ গতিকে মোৰ মেঠাই কৈছে বান পানী আৰু অসম এটা টকাৰ ইপিঠি সিপিঠি হোৱাতো খাটাং ৷
  গতিকে "যোগ্যে ভোগ্যা বসুন্ধৰা " বোলা বাক্য শাৰী সাৰোগত কৰি অসমৰ ৰাইজক বানৰ লগত সহবাস কৰাৰ যোগ্য কৰি তোলাৰ হে কথা ৷ মথাউৰী সাজি অভিযন্তা, ঠিকাদাৰৰ পেট ডাঙৰ কৰাৰ সুবিধা প্ৰদান কৰাতকৈ ৰাইজক বানৰ লগত সহবাস কৰাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰক ৷
মোৰ মেথাই কোৱা মতে অসমবাসীৰ বাবে চাং ঘৰ আৰু নাও অপৰিহাৰ্য ৷ অসমত নৈ পৰীয়া মিচিং ৰাইজৰ লগতে দেউৰী আদি কেইটিমান জনগোষ্ঠীয়েহে চাং ঘৰ ব্যৱহাৰ কৰে ৷ এই চাং ঘৰৰ ব্যৱস্থাটো সকলোৱে কৰি ল'ব লাগে ৷
চৰকাৰে মেট্ৰিক পাচক কম্পিউটাৰ দিয়াৰ দৰে আন এখন আঁচনি লৈ ঘৰে প্ৰতি নাও যোগানৰ ব্যৱস্থা কৰিব লাগে ৷ নাও ঠিকাদাৰক যোগান ধৰিবলৈ দিব নালাগে দেই ৷ তেনে নাৱে যে জীৱন ৰক্ষা কৰিব পাৰিব তাৰ আশা খীণ ৷ গতিকে নাৱৰ ধন পোনে পোনে হিতাধীকাৰিৰ বেংক একাউন্টত জমা কৰি দিব লাগে ৷ ৰাইজে নিজেই কিনি ল'ব ৷
     আজিলৈ এই খিনিয়েই ৷ পাচত আৰু কিবা ওলাই বা 🤔 দেখা যক চোন ৷

Friday, 11 August 2017


চ'ৰধাৰ ম'ৰ, মৰ মৰ অখম বাসী

এইখন শংকৰ আজানৰ দেশ
এই খন বীৰ লাচিতৰ দেশ
বুৰঞ্জীৰ পাতত শুই
নিঃপালি দিয়া
অজস্ৰ শ্বহীদৰ দেশ

লাচিত, মূলা, কনকলতা
মুকুন্দ অথবা খৰ্গেশ্বৰ
সকলো শুই থাকে
পাহৰণিৰ ডায়েৰী পাতত
আহিলে নিৰ্বাচন
সাৰ পায়
ভোট প্ৰত্যাশীৰ
উদাৰ্ত ভাষণত ৷

শংকৰ- আজানে
একেখন চোতালত বহি
বৰগীত-জিকিৰ গায় ৷
বুৰঞ্জীৰৰ পাতৰ
অখ্যাত বিখ্যাত
সকলো সাৰ পায় ৷
পবিত্ৰ আত্মাৰ নাম লৈ
অপবিত্ৰ আত্মাবোৰ
ৰাজ সিংহাসনত বহিলোৱাৰ পাচত
আৰু কোনে পায়?

বৰাক হওক কিম্বা ব্ৰহ্মপুত্ৰ
দুয়ো উপত্যকাৰ জনতা
কেৱল ৰজা গঢ়াৰ হে যন্ত্ৰ ৷
আৰে
ভোট ভোট ভোট
নিৰ্বাচনৰ শেহত
বুৰঞ্জীৰৰ পাতৰ পৰা উঠি অহা শ্বহীদ
শংকৰ-আজান…
সকলো মৰি পুনু হয়
ভূত ৷

আমি উদাৰ অসমীয়া
পুনু বাট চাওঁ
শুনিব'লে সেই
গুৰু-গম্ভীৰ কণ্ঠ
আমি যে ৰজা গঢ়া
যন্ত্ৰ
"চ'ৰধাৰ ম'ৰ, মৰ মৰ  অখম বাসী ৰাইজ…"
বাঃ কি চমৎকাৰী মন্ত্ৰ ৷

     -বিনয় ১২ আগষ্ট ৷ ১৭



আউসীত জোনাক বিচৰা ছোৱালী জনীঃ

ফেচবুকৰ ৱাল
মেচেঞ্জাৰ
ৱাটচএপ
সকলোবোৰ খেপিয়াই খেপিয়াই তাই
অফ লাইন হৈ যায়
চকুমুদি অনুভৱ কৰে বিষন্ন কাজল বোৰ যেন
বিয়পি পৰিছে তাইৰ গালে মুখে ৷

কাজল সনা দুচকুত তাইৰ কলিয়া মেঘৰ বিষন্নতা
কাজলবোৰ বিয়পি পৰি
কজলুৱা হয় তাইৰ উচাহ ৷


 কাণ উনাই
তাই নুশুনে আজিকালি
চিনাকি হৰ্ণৰ মাত ৷
ৰি ৰি কৈ বাজি থাকে
জিলিৰ উদাস মাতৰ দৰে
তেজৰ তলত নিতাল মাৰি শুই থকা
উদাসী বাঁহীৰ মাত ৷

জোনাক বলিয়া ছোৱালী জনীয়ে
আজিকালি
ভালপায় এন্ধাৰক
চকুমুদিলেই দেখে
হেৰুৱা জোনাক
সপোনতে শুনে
চিনাকি বাঁহীৰ মাত
চকুমেলিলেই
ওলমি ৰয় শূণ্যতা
তাইৰ কজলুৱা চকুৰ বানে
লুণীয়া সোৱাদ আনে জিভাত ৷

তাই আন্ধাৰৰ স'তে
কথা পাতে সংগোপনে
আউসীৰ ৰাতি বিচাৰি ফুৰে হেৰুৱা জোনাক
জানোচা ক'লা ডাৱৰ ফালি নামি আহে
অভিমানী জোনৰ
জোনাক এধানি
যি হেৰাল কাহানিবাই
অবিশ্বাসৰ অৰণ্যখনৰ সিপাৰে
জানোচা শুনে তাৰ
"তোক ভাল পাওঁ" বোলা সেই চিনাকি মাত ৷

আউসীৰ ৰাতি জোনাক বিচৰা ছোৱালী জনী
শুই পৰে নিতাল মাৰি
তাইৰ বাউল চুলিত
ক'ৰ পৰা জানো
উৰি আহি পৰে
ধিমিক ধামাক
জোনাকীৰ জাক ৷

স্বপ্ন ভংগ

বেঙেনাবুলীয়া  সপোন এটা হৈ
শুই থাক(+অ) বুকুত
সোণাৰু ফুলিয়া উচাহ নিজাৰ কৰি
এজেৰুৱা বেজাৰ নামে
সখীয়তি ৰ'দৰ শেহত ৷

শাওনৰ বৰষুণত
বুকুৰ পথাৰত গজে শেলুৱৈ
আৰু
পানীৰ তলত
মোৰ শইচ সোনোৱালী সপোন ৷

Tuesday, 8 August 2017



কাৰ বাবে কবিতা?

শব্দৰ মহঙা দিনত
কাৰ বাবে লিখিবি কবিতা ৷
কুশল বাৰ্তা বিনিময়ৰ বাবেও য'ত
শব্দৰ দৈন্যতা ৷

শব্দ দৈন্যতাত মানুহ
শব্দ দৈন্যতাত সমাজ
শব্দ দৈন্যতাত পৃথিৱী ৷

আত্মকেন্দ্ৰিকতাৰ
ইন্দ্ৰজালত বন্দী
"আয়ৈ দেহী" বোলা
এষাৰী সাদৰী মাত
প্ৰসাৰিত সকলোৰে
কেৱল উচ্চকাংক্ষাৰ  হাত

মকৰাৰ দৰে জাল গুঁঠি লালসাৰ
বুকুত বাসনাৰ পোৱালী
আৰু কুৰুকি কুৰুকি
খাই শেষ কৰে বুকুৰ মঙহ
কোন তোৰ বুকুৰ বঙহ

বিলাসী গাড়ীৰ ধূলিয়ে
পোতি থৈ যায়
পদপথৰ ভিক্ষুকৰ দেহ
মাজ নিশা টোকৰ পৰে কোনোবা আন্ধাৰ গলিৰ বিশেষ জুপুৰিৰ দুৱাৰত
য'ত ভোকে হাৰ মানে
 কামনাই জয় কৰে শৰীৰ অৰ্থৰ বিনিময়ত ৷

অফিচৰ বিলাসী কোঠাৰ টেবুলে টেবুলে
শতাংশৰ অংক চলে
ৰজাই পাতে অংকৰ খেল
বাহিৰত দূৰ্নীতি নিবাৰণৰ ফলক
ওলমি ৰয় কোনোমতে সৰি নপৰা কৈ ৷

সকলোতে কমিচন
ধন ঘটাই যেন জীৱনৰ "মিচন"
পগলা ক'বি
কি হ'ব লিখি
প্ৰতিবাদী ৰামায়ণ ৷

শুনিছিলো -
"দেশে দেশে দেশ আছে ৷"
এই দেশত দলে পতি ভগৱান আছে ৷
কোনোবা যদি জাতিৰ পিতা
কোনোবা আমদানিকৃত মাতা ৷
কোনোবাই দয়া কৰে দীনক
পিছে জনতাই
চটফটাই সহজাত
ভোকত ৷

ভোকে জন্ম দিয়ে ক্ষোভৰ
পগলা ক'বি
ৰ চোন এপৰ
কাৰ বাবে লিখিবি কবিতা?
অজস্ৰ জনতাই
জ্বলাব যিদিনা ক্ষোভৰ শলিতা
হয়তু আওঁৰাব তই লিখা মালিতা ৷

এগচ চাকি
দুগচ চাকি
সহস্ৰ গচ চাকিৰ পোহৰৰ মিলি
হ'ব ভীষণ উত্তাপ
যি পুৰি নিব
ক্ষমতা আৰু ঐচৰ্য লোভীৰ লিপ্সাৰ অট্টালিকা
হেৰ' পগলা ক'বি
থ তোৰ কবিতা
জন উদ্গীৰণৰ
সেই দিনটোলৈ বাট চা ৷

- বিনয় ৯ আগষ্ট ১৭